কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ  সৰভোগ কলগাছিয়া ভট্টদেৱ পথ পুনৰ নিৰ্মানৰ দাবীত শুক্ৰবাৰে চকচকাৰ ৰাইজৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই পথ অৱৰোধ কাৰ্যসূচীত চকচকা ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও অংশ গ্ৰহণ কৰে। বৰপেটা জিলাৰ সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সৰভোগ কলগাছিয়া ভট্টদেৱ পথ নিৰ্মানৰ কাম সম্পূৰ্ণ কৰাৰ লগতে অঞ্চটোত জৰাজীৰ্ণ অৱস্থাত থকা পথসমূহ অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবীত ৰাইজে চকচকাত পথ অৱৰোধ কৰি সৰভোগৰ বিধায়ক ৰঞ্জিত দাস আৰু জনীয়াৰ বিধায়ক আব্দুল খালেকৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। চকচকা গৌড়ীয় মঠৰ পৰা চকচকা হৈ ৰূপসিলৈকে দুমাহ পূৰ্বে চৰকাৰে পথ নিৰ্মানৰ কাম আৰম্ভ কৰিছে যদিও পথ নিৰ্মানৰ কাম অতি লেহেমীয়া হোৱাত বিভিন্ন সমস্যাৰ সম্মুখীন হৈছে স্থানীয় ৰাইজৰ লগতে পথচাৰী সকলে। উক্ত পথ নিৰ্মানৰ ঠিকা পোৱা ঠিকাদাৰে পথ নিৰ্মানৰ কাম আৰম্ভ কৰি মাজতে কাম বন্ধ ৰখাৰ ফলত পথৰ ওপৰত কেইবাটাও বৃহৎ গাতৰ সৃষ্টি হৈছে আৰু আধৰুৱাকৈ পথ নিৰ্মান কৰাত পথৰ ওপৰত ধূলিৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত ছাত্ৰ ছাত্ৰী আৰু পথচাৰীৰসকল যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে সঘনাই পথ দুৰ্ঘটনা হোৱাও পৰিলক্ষিত হৈছে। অৱৰোধকাৰী সকলে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অতি শীঘ্ৰে পথ নিৰ্মানৰ কাম আৰম্ভ কৰিবলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।