অভয়াপুৰীৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ  ভাৰতীয় ষ্টেট বেংকৰ অভয়াপুৰী শাখাৰ কাৰ্যালয়ৰ এটিএমত টকা উলিয়াবলৈ গৈ এগৰাকী গ্ৰাহকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। গ্ৰাহকজনে এটিএমৰ পৰা টকা উলিয়াওতে কেইবাখনো পাঁচশ টকীয়া নোট ফটা আৰু বগা কাগজেৰে আঠা লগোৱা দেখি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰতীয় ষ্টেট বেংকৰ অভয়াপুৰী শাখাৰ কাৰ্যালয়ৰ এটিএমৰ পৰা ফটা টকা ওলোৱা ঘটনাই অঞ্চলটোত ৰাইজৰ মাজত যথেষ্ঠ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।