গুৱাহাটী, সংবাদ ৩৬৫, ১০ ফেব্ৰুৱাৰীঃ  মহানগৰী গুৱাহাটীত উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি অসম আৰক্ষীয়ে প্ৰকাশ কৰা এক তথ্যৰ বাতৰিয়ে ৰাজধানী গুৱাহাটীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আৰক্ষীয়ে লাভ কৰা তথ্য মতে, মহানগৰী গুৱাহাটীত উগ্ৰপন্থীমূলক আক্ৰমণৰ এক ভয়াবহ পৰিকল্পনা ৰচনা কৰিছে বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন আৰু এনএছচিএন(এইএম)ৰ কেইগৰাকীমান দুৰ্ধৰ্ষ সদস্যই। অসম আৰক্ষীৰ হাতত এই তথ্য পৰাৰ বাতৰি প্ৰকাশিত হোৱাৰ পিছত মহানগৰী গুৱাহাটীৰ বিভিন্ন অঞ্চলত অৰ্ধসামৰিক বাহিনী আৰু অসম আৰক্ষীৰ পহৰা অধিক সক্ৰিয় কৰি দিয়া প্ৰলক্ষিত হৈছে। অসম আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ মহানগৰীতে চোকা দৃষ্টি ৰাখিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মহানগৰীত এক ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰাৰ উদ্দেশ্যে উগ্ৰপন্থী সংগঠন এনএছচিএন(এইএম)ৰ কেইগৰাকী মান সদস্য মহানগৰীত বাহৰ পাতিছে। অসম আৰক্ষীৰ চোৰাংচোৱাৰ হাতত মহানগৰীত আক্ৰমণৰ তথ্য পৰা বুলি প্ৰকাশিত হোৱাৰ পিছত সমগ্ৰ মহানগৰীত ৰাইজ আতংকিত হৈ পৰিছে। মহানগৰ আৰক্ষীয়ে সমগ্ৰ গুৱাহাটীত হাই এলাৰ্ট ঘোষণা কৰাৰ লগতে হোটেল, লজ, ৰেষ্টুৰেন্ট, তথা বিভিন্ন সন্দেহজনক ঠাইত চোকা দৃষ্টি ৰাখিছে। মহানগৰ আৰক্ষী যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে সজাগ হৈ থকা বুলিও জানিব পৰা গৈছে৷