হোজাই, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰীঃ  হোজাই জিলাৰ লংকাত যোৱা নিশা গুৱাহাটী শিলচৰ যাত্ৰীবাহী ৰেলৰ খুন্দাত ৪টাকৈ বনৰীয়া হাতী নিহত হোৱাৰ লগতে এটা প্ৰকাণ্ড হাতী আহত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। হোজাই জিলাৰ লংকাৰ হাৱাইপুৰত সংঘটিত হোৱা এই কৰুণ দুৰ্ঘটনাই সকলোকে মৰ্মান্তিক কৰি তুলিছে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি এটা বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি অঞ্চলটোত বিচৰণ কৰি আছিল। শনিবাৰে নিশা বনৰীয়া হাতীৰ জাকটোৱে ৰেল লাইন পাৰ হবলৈ ধৰোতে গুৱাহাটী শিলচৰ অভিমুখী ৰেলৰ লগত খুন্দা লাগে। ৰেলৰ খুন্দাত ৪টাকৈ হাতী দুৰ্ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে এটা প্ৰকাণ্ড হাতী আহত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। হাতীৰ জাকটোক খুন্দা মৰাৰ পিছত যাত্ৰীবাহী ৰেলখন লাইনচ্যুত হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে শোণিতপুৰ জিলাৰ বালিপৰাৰ বামগাঁওত গুৱাহাটী নাহৰলাগুন অভিমুখী ৰেলৰ খুন্দাত ৬টাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছিল।