কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৮ মাৰ্চ: ৮ মাৰ্চ সমগ্ৰ বিশ্বতে নাৰী দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত সমগ্ৰ বিশ্বতে নাৰী সকলৰ অৱদান, সংগ্ৰাম, সাহসক সন্মান জনাই নাৰী সমাজক শ্ৰদ্ধা জ্ঞাপন কৰা হয়। পৃথিৱীত এন বহু মহিলা আছে যিয়ে নিজৰ দক্ষতা, একাগ্ৰহত আৰু চেষ্টাৰ জৰিয়তে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। আনহাতে আমাৰ সমাজখনত এই কিছুমান মহিলাইও আছে যিয়ে জীৱন সংগ্ৰাম অব্যাহত ৰাখিবলৈ বাছি লৈছে একো একোটা ব্যতিক্ৰম পথ। তেনে এগৰাকী মহিলা হৈছে নামনি অসমৰ বৰপেটা জিলাৰ কলগাছিয়াৰ তাপেশ্বৰা গাঁৱৰ বাচিৰণ নেছা। এগৰাকী সাহসী মহিলা নিজৰ কৰ্মৰ জৰিয়তে বৰ্তমান আন দহ জনৰ বাবেও হৈ পৰিছে আদৰ্শ। বাচিৰণ নেছাৰ পৰিয়াল পোহপাল দিবলৈ কোনো বিকল্প ব্যক্তি নথকাত মহিলা গৰাকীয়ে পেটৰ তাৰণা আৰু একমাত্ৰ কন্যা সন্তানৰ ভৱিষ্যত গঢ় দিয়াৰ উদ্দেশ্যে গাঁৱে গাঁৱে ৰিক্সা চলাই পেলনীয়া সামগ্ৰী ক্ৰয় কৰি বা পথৰ পৰা বুটলি আনি মহাজনৰ ওচৰত বিক্ৰী কৰে। একমাত্ৰ কন্যা সন্তানতে নিজৰ পৰিয়ালটো জীয়াই ৰাখিবলৈ ৰিক্সা চলাই সংগ্ৰাম কৰি আছে কলগাছিয়াৰ এইগৰাকী সাহসী মহিলাই। বাচিৰণ নেছাই বিবাহৰ পিছত এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ কিছুদিন পিছতে লম্পট স্বামীয়ে অন্য এগৰাকী মহিলাৰ হাত ধৰি তাইক এৰি গুচি যোৱাৰ পিছৰে পৰা নিজৰ কন্যা সন্তানটিৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি ৰিক্সা চলাক হিচাপে জীৱন সংগ্ৰামত যুঁজি আছে বাচিৰণ নেছা। তাই আজি অকলশৰীয়া আৰু অসহায় যদিও হাৰ মনা নাই জীৱনৰ ওচৰত। সহজ ভাবে অৰ্থ উপাৰ্জনৰ বাবে বাচিৰণ নেছাই হাতত লোৱা নাই ভিক্ষা বৃত্তি বা হোৱা নাই কোনো নিষিদ্ধ গলিৰ ভোগৰ সমগ্ৰী। নিজৰ স্বাভিমান আৰু সন্মান অক্ষত ৰাখি এইদৰে কৰ্ম কৰি পৰিয়াল পোহপালন দি আছে বাচিৰণ নেছাই। বাচিৰণ নেছাৰ এই জীৱন সংগ্ৰাম বাবে এই মহিলা গৰাকী এতিয়া আন দহ গৰাকীৰ বাবে হৈ পৰিছে আদৰ্শ।