ৰঙিয়া, সংবাদ ৩৬৫, ৭ মাৰ্চ: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণ প্ৰক্ৰিয়াই বুধবাৰে ৰঙিয়াত ৪২ বছৰৰ মূৰত দুই ভগ্নীৰে সৈতে মিলন ঘটালে পাৰ্বতী লোহাৰ নামৰ এগৰাকী মহিলাক। সুদীৰ্ঘ ৪২ বছৰ ধৰি পৃথকে বসবাস কৰি অহা তিনি ভগ্নীয়ে এনআৰচিত নামভৰ্ত্তিৰ বাবে একেজন পিতৃৰ লিগেচী ডাটা লিপিবদ্ধ কৰাত এনআৰচি কৰ্ত্তৃপক্ষই পুনৰীক্ষণৰ বাবে তিনিওগৰাকীলৈ জাননী প্ৰেৰণ কৰিছিল। সেইমৰ্মে বুধবাৰে তিনিও ভগ্নী ৰঙিয়া পৌৰসভাৰ কাৰ্যালয়ত স্থাপন কৰা এনআৰচিৰ পুনৰীক্ষণ কেন্দ্ৰত উপস্থিত হোৱাত তিনিওগৰাকী ভগ্নীৰ মিলন ঘটে। জানিব পৰা মতে বাক্সা জিলাৰ তামুলপুৰৰ বাৰেগাঁৱৰ প্ৰয়াত গোলাপ ৰবি দাসৰ কন্যা পাৰ্বতী লোহাৰে প্ৰায় ৪২ বছৰ পূৰ্বে লোকৰ ঘৰত বন কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল আৰু ৰঙিয়াত লোক এজনৰ থাকিবলৈ লৈছিল৷ ৬ বছৰ বয়সত পাৰ্বতী লোহাৰে তামুলপুৰস্থিত নিজৰ ঘৰখনত এৰি আহিছিল শেৱালী ৰবি দাস, মল্লিকা ৰবি দাস আৰু বুধিয়া ৰবি দাস নামৰ তিনিগৰাকী ভগ্নীৰ লগতে শ্যামলাল ৰবি দাস নামৰ একমাত্ৰ ভাতৃক৷। সেই দিন ধৰি দৰিদ্ৰ পৰিয়ালটোৰ সদস্য সকলে দৰিদ্ৰতাৰ সৈতে যুঁজি থাকোতে পাহৰি পেলাইছিল পাৰ্বতীক৷ পাৰ্বতীও ৰঙিয়াত লোকৰ ঘৰত বনকৰা হিচাপে থাকি ৰামজিৎ লোহাৰ নামৰ লোক এজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু পাহৰি গৈছিল নিজৰ পিতৃগৃহ৷ বৰ্তমান পাৰ্বতী লোহাৰ এজন পুত্ৰ সন্তানৰ লগতে তিনিগৰাকী কন্যা সন্তানৰ মাতৃ৷ পাৰ্বতীৰ তিনি ভগ্নী আৰু একমাত্ৰ ভাতৃও নিজ নিজ সংসাৰলৈ ব্যস্ত হৈ পৰে যদিও বুধিয়া ৰবি দাস আৰু শ্যামলাল ৰবি দাসৰ মৃত্যু ঘটিছে৷ ইমান বছৰে কোনো কাৰো খবৰ নোলোৱাৰ পিছত এনআৰচিত নাম ভৰ্ত্তিৰ সময়ত দুখন ভিন্ন ঠাইত অচিনাকী হৈ বসবাস কৰা তিনি ভগ্নীয়ে একেজন পিতৃ লিগেচী ডাটা ব্যৱহাৰ কৰাত সকলো কাহিনী উন্মোচিত হয়৷ এনআৰচিৰ বংশ বৃক্ষৰ তথ্য উল্লেখ কৰিবলগীয়া অংশত তামুলপুৰত বাস কৰা দুই ভগ্নীয়ে ৰঙিয়াত বাস কৰা ভগ্নী পাৰ্বতী লোহাৰৰ তথ্য সন্নিৱিষ্ট কৰাৰ পৰা বিৰত থকাত এনআৰচি কৰ্ত্তৃপক্ষই তিনিও ভগ্নীলৈ জাননী প্ৰেৰণ কৰি ৰঙিয়া পৌৰসভাৰ  কাৰ্যালয়ত স্থাপন কৰা এনআৰচিৰ পুনৰীক্ষণ কেন্দ্ৰত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে৷ সেইমৰ্মে বুধবাৰে তামুলপুৰৰ দুই ভগ্নী শেৱালী ৰবি দাস আৰু মল্লিকা ৰবি দাসৰ লগতে প্ৰয়াত শ্যামলাল ৰবি দাসৰ পুত্ৰ আহি ৰঙিয়া পৌৰসভা কাৰ্যালয়ৰ কেন্দ্ৰটোত হাজিৰ হয়৷ ৰঙিয়াত বসবাস কৰা পাৰ্বতী লোহাৰো আহি কেন্দ্ৰটোত উপস্থিত হোৱাত আটাইকেইজনে এনআৰচিৰ বিষয়াৰ আগত নিজৰ পক্ষত জবানবন্দী দিবলৈ ধৰাৰ লগে লগে তেওঁলোকৰ সম্মুখত ৪২ বছৰ পূৰ্বৰ সকলো কাহিনী আহি ধৰা দিয়ে৷ সুদীৰ্ঘ ৪২ বছৰৰ মূৰত তিনি ভগ্নীয়ে ইজনে সিজনক পাই আবেগিক হৈ পৰে আৰু কান্দোনত ভাগি পৰে৷ তিনি ভগ্নীৰ  মিলনৰ দৃশ্যই এনআৰচি কেন্দ্ৰটোত এক অভাৱনীয় পৰিৱেশৰ সূচনা কৰে। এনআৰচিৰ লিগেচী ডাটাৰ মাধ্যমেৰে তিনি ভগ্নীৰ মাজত ঘটা এই মিলনৰ দৃশ্যই অভিভূত কৰি তোলে ৰঙিয়া পৌৰসভা সভাত উপস্থিত থকা ৰাইজক।