ৰঙিয়া, সংবাদ ৩৬৫, ৮ মাৰ্চ:  ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ বস্ত্ৰ উদ্যোগ এপল মিললৈ ৰাজ্য চৰকাৰে এক সু খবৰ প্ৰদান কৰাৰ লগে লগে ৰঙিয়াৰ এপল মিলৰ কৰ্মীসকলৰ মাজত এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে। এপ’ল মিল পুনৰ কাৰ্যক্ষম কৰাৰ বাবে ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ অন্তত ১০ কোটি টকা অনুদান প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ পিছত আনন্দত উৎফুল্লিত হৈ পৰে এপল মিলৰ কৰ্মচাৰীসকলৰ লগতে ৰঙিয়াবাসী ৰাইজ। ৰঙিয়াত বৃহস্পতিবাৰে ৰাইজে ফটকা ফুটাই, এজনে আনজনক ৰং সানি আনন্দ স্ফুৰ্তি কৰা পৰিলক্ষিত হয়। ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাও ৰঙিয়াবাসী ৰাইজৰ লগত এই আনন্দত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, যোৱা কেইবাবছৰ ধৰি বন্ধ হৈ থকা বস্ত্ৰ উদ্যোগ এপল মিলক পুনৰুজ্জীৱিত কৰাৰ দাবীত এপল মিলৰ কৰ্মচাৰীসকলৰ লগতে ৰঙিয়াৰ ৰাইজ আৰু সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ লগতে চৰকাৰক দাবী জনাই আহিছিল। অৱশেষত ৰাজ্য চৰকাৰে এপল মিল পুনৰুজ্জীৱিত কৰাৰ বাবে ১০ কোটি টকা মুকলি কৰিবলৈ বাধ্য হয়।