মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, সংবাদ ৩৬৫, ১৫ মাৰ্চ: কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ তিনিচুকীয়া জিলাৰ লিডু, ডিৰাক আৰু শদিয়াতো স্থাপন কৰা হৈছিল। কিন্তুু জিলাখনৰ লিডুস্থিত উদ্যেগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ ১০০ শতাংশ কাৰ্য সম্পাদন কৰাৰ পিছতো আজি পৰ্যন্ত কেন্দ্ৰটো পাঠদানৰ বাবে মুকলি কৰি দিয়া নহল। কেন্দ্ৰটো পাঠদানৰ বাবে মুকলি কৰি নিদিয়াৰ ফলত এই বৃহৎ অঞ্চলটোৰ বহুতো ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে কাৰিকৰী শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হব লগা হৈছে। এই সম্পকে অঞ্চলটোৰ স্থানীয় জনপ্ৰতিনিধি গৰাকীক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেইবাবাৰো অৱগত কৰাৰ পিছতো আজি পৰ্যন্ত লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্কিল ইণ্ডিয়াৰ কথা কৈ থাকে সেই সময়তেই লিডু দৰে এক গুৰুত্বপূৰ্ণ স্থানত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো উন্মোচন নকৰাটো এক পৰিতাপৰ বিষয়। কেন্দ্ৰটো অতি শীঘ্ৰে মুকলি কৰাৰ দাবীত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডুস্থিত উদ্যোগীক প্ৰশিক্ষন কেন্দ্ৰটোৰ প্ৰাঙ্গনত কেবাঘন্টা যোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। কাৰ্য্যসূচীৰ সামৰণিত মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্ববাদ সোনোৱাললৈ এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয়।