যোৰহাটৰ পৰা যুতিকা মহন্ত, সংবাদ ৩৬৫, ১৫ মাৰ্চ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট জিলাত মঘাই ওজা দিবস পালন কৰি দুজনকৈ ঢুলীয়া ওজা আৰু প্ৰবীন সাংবাদিক মনোৰম বৰুৱাক মঘাই ওজা বটা প্ৰদান কৰে। ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজা স্মৃতি দিবস উপলক্ষ্যে প্ৰসিদ্ধ ঢুলীয়া টোপোলা দাস ওজা আৰু লুদুৰাম দাস ওজাৰ লগতে প্ৰবীন সাংবাদিক মনোৰম বৰুৱাক ২০১৮ বৰ্ষৰ মঘাই ওজা বটা প্ৰদান কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটৰ মঘাই ওজা তিনিআলিত আয়োজন কৰা মঘাই ওজা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট ব্যক্তিকেইজনক এই বটা প্ৰদান কৰা হয়। এই বটাৰ লগত মানপত্ৰ সফুৰা, চেলেং, গামোছা আৰু নগদ ধনৰ টোপোলা প্ৰদান কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত পৌৰহিত্য কৰে যোৰহাট জিলা সমিতিৰ সভাপতি ৰিতুল পাঠকে। পৰিষদৰ মুখ্য উপদেষ্টা জ্যোৰ্তিময় কলিতাই উদ্ধোধন কৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে পৰিষদৰ সভাপতি পুতুল দত্তই। ড° বলীন হাজৰিকাই বিশিষ্ট অতিথি আৰু ইন্দ্ৰজিত কুমাৰ বৰুৱাই নিদিষ্ট বক্তা হিচাপে বক্তব্য ৰখা সভাখনত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়েও বক্তব্য ৰাখে। পুৱা ভাগত পতাকা উত্তোলন কৰে ৰিতুল পাঠকে, শ্বহীদ তৰ্পন কৰে সম্পাদক বাবু দত্তই। যোৰহাট অসয়বাৰীৰ মঘাই ওজাৰ সমাধিক্ষেত্ৰত পুস্পাঞ্জলি অৰ্পন কৰে বগাই বৰা ওজাই। প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰে মঘাই ওজা বটাৰ দাতা কমল জালানে আৰু বন্তি প্ৰজলন কৰে মহেন্দ্ৰ চুতীয়া ওজাই ।