মাজুলী, সংবাদ ৩৬৫, ১৬ মাৰ্চ: পৰিৱৰ্তন আৰু উন্নয়নৰ শ্লোগাম দি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰখনৰ শিক্ষামন্ত্ৰীজনে ৰাজ্যত শিক্ষাখণ্ডৰ উন্নয়ন হোৱাৰ কথা কৈ থাকে যদিও শিক্ষা ব্যৱস্থাৰ উন্নয়ন উদাহৰনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মাজুলী সমষ্টিৰ ১নং চেঙেলীসুতী প্ৰাথমিক বিদ্যালয়খনৰ দুৰৱস্থা দেখিলেই বুজিব পাৰি। মাজুলীৰ মিচামৰা অঞ্চলৰ ১নং চেঙেলীসুতী গাঁৱৰ বিদ্যালয়খনত শিক্ষকে এখন সৰু টিঙৰ চালিতে পাঠদান দিব লগা হৈছে ৯৩ গৰাকীকৈ ছাত্ৰ ছাত্ৰীক। বিদ্যালয়খনত শ্ৰেণীকোঠা নথকাৰ ফলত একাংশ ছাত্ৰ ছাত্ৰীক গছৰ তলতো শিক্ষাদান কৰিবলগীয়া হয় দুজনকৈ ঠিকাভিত্তিত শিক্ষকে। এজনো স্থায়ী শিক্ষক নথকৰ লগতে বিদ্যালয়খনত নাই ছাত্র ছাত্ৰীৰ বাবে ডেস্ক বেঞ্চ। বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে শিক্ষা বিভাগক বিদ্যালয়খনৰ উন্নয়নৰ বাবে কেইবাবাৰো আবেদন কৰিছে যদিও এই ক্ষেত্ৰত শিক্ষা বিভাগে কোন পদক্ষেপ নোলোৱাত মুকলি আকাশৰ তলতে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰী সকল। বিদ্যালয়খনৰ এই দুৰৱস্থাৰ বাবে গত গুনোৎসৱত বিদ্যালয়খনে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নহল। এতিয়া প্ৰশ্ন হল শিক্ষা বিভাগৰ উন্নয়ন হোৱা বুলি কৈ থকা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃপাদৃষ্টি কেতিয়া পৰিব মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এই বিদ্যালয়খনলৈ?