চৰাইদেউ, সংবাদ ৩৬৫, ১৯ মাৰ্চ: চৰাইদেউ জিলাৰ সোণাৰিৰ জৱকা চাহ বাগিচাৰ বানফেৰাত বাগিচাখনৰ শ্ৰমিক চাৰিতকৈ নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ কৰে। বাগিচাখনত কৰ্মৰত অৱস্থাত শ্ৰমিক সকলে নাহৰফুটুকী বাঘৰ পোৱালি কেতিয়া প্ৰত্যক্ষ কৰে। পিছত শ্ৰমিক সকলে নাহৰফুটুকী বাঘৰ পোৱালি কেইটাক বাগিচাখনৰ কাষত থকা হাবি এখনত এৰি দিয়ে। আনহাতে, সোণাৰি নগৰৰ ৬ নং ৱাৰ্ডৰ সেউজীপামত এজন ব্যক্তিৰ ঘৰত ছয়জনকৈ নগাই কুকুৰৰ মাংস ভক্ষণ কৰাত স্থানীয় ৰাইজে নগা কেইটাক আবদ্ধ কৰি ৰাখে। জানিব পৰা মতে নগা কেইজনে কুকুৰৰ মাংস ভক্ষণ কৰাৰ লগতে অঞ্চলটোত চৰাই নিধনো কৰিছিল। ৰাইজে নগা কেইজনৰ কবলৰ পৰা মৃত চৰাইও উদ্ধাৰ কৰে। পিছত ৰাইজে নগা কেইজক আৰক্ষীক গতাই দিয়ে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কেইজমান নগাই বহু দিনৰে পৰা অঞ্চলটোত চৰাই চিকাৰ কৰাৰ লগতে পোহনীয়া কুকুৰ নিধন কৰি ভক্ষণ কৰি আহিছিল।