বকো : ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু হত্যাকাণ্ডৰ ঘটনা। ৬ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰি হত্যাৰ অভিযোগ। পৰিত্যক্ত কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ কন্যা শিশুটিৰ মৃতদেহ। নিৰ্মমভাৱে শিশুটিত কুঁৱাৰ ভিতৰত জ্বলাই দিয়া হৈছিল। ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 

ৰাজ্যত পুনৰ সংঘটিৰ হৈছে মানৱ জাতিক লজ্জানত কৰা এক জঘন্য ঘটনা। কামৰূপ জিলাৰ বকোৰ লামপাৰাৰ কেকোপাৰাত
এগৰাকী ৬ বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে পৰিত্যক্ত কুঁৱাৰ ভিতৰত। কন্যা শিশুটিত ধর্ষণৰ পিছত হত্যা কৰি পৰিত্যক্ত কুঁৱাত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

পৰিত্যক্ত কুঁৱাৰ ভিতৰত কন্যা শিশুটিত জাৱৰৰ দামত জ্বলাই দিয়া হৈছিল। প্ৰায় ৯০ শতাংশ দগ্ধ কন্যা শিশুটিৰ মৃতদেহ কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যোৱা ২০ ছেপ্টেম্বৰৰ পৰা কন্যা শিশুটি সন্ধনহীন হৈ আছিল। সোমবাৰে ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰ দূৰত্বত থকা পৰিত্যক্ত কুঁৱাৰ ভিতৰত উদ্ধাৰ হয় কন্যা শিশুটিৰ মৃতদেহ।

মৃত কন্যা শিশুটিৰ পৰিয়ালৰ লোকে দীপাংকৰ দাস নামৰ এজন যুৱক ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। কন্যা শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা দীপাংকৰ দাস পলাতক অৱস্থাত আছিল যদিও আৰক্ষীয়ে অভিযান চলাই দীপাংকৰ দাসক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

দীপাংকৰ দাসে কন্যা শিশুটিত হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে। কন্যা শিশুটি দীপাংকৰ দাসক চোৰ বুলি কোৱাৰ বাবেই দীপাংকৰ দাসে কন্যা শিশুটিত হত্যা কৰা বুলি স্বীকাৰ কৰে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। আৰক্ষীৰ তদন্ত অব্যাহত আছে।