মানকাচৰ : মাটিৰ দালালৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰিয়ে দায়িত্ব সামৰিছে নেকি আৰক্ষী-প্ৰশাসন বুলি প্ৰশ্ন ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানৰ। হাটশিঙিমাৰীত মাটিৰ দালালিত চৰকাৰী বিষয়া, বিধায়ক, জিলা পৰিষদৰ সভানেত্ৰীসহ জিলা ভূমি আৱণ্টন উপদেষ্টা সমিতিৰ সকলো সদস্য জৰিতৰ অভিযোগ ৰাইজৰ দলৰ। মুকলি আকাশৰ তলত থকা ৰৌ-বৰালি কেতিয়া গ্ৰেপ্তাৰ হ’ব বুলিও প্ৰশ্ন ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানৰ। ৰাজ্যজুৰি চৰকাৰে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই পাঁচ শতাধিক মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীতো আৰক্ষীয়ে পাঁচ জনকৈ লোকক মাটিৰ দালালিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতেই ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্ৰ আনিছুৰ ৰহমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে।

মাটিৰ দালালৰ লগত চৰকাৰী বিষয়া, প্ৰাক্তন তথা বৰ্তমানৰ বিধায়ক, জিলা পৰিষদৰ সভানেত্ৰী আৰু জিলা ভূমি আৱণ্টন উপদেষ্টা সমিতিৰ সকলো সদস্যৰ লগতে একাংশ ৰৌ-বৰালি জড়িত থকাৰ অভিযোগ মুখপাত্ৰ গৰাকীৰ। হাটশিঙিমাৰীত ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্ৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনিছুৰ ৰহমানে কয় যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মাত্ৰ পাঁচ জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে দায়িত্ব সামৰিছে। একেদৰে দালাল সকলে কেনেকৈ কৰ পৰা মাটিৰ দালালি কৰাৰ সুযোগ লাভ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় এই দালালিকাণ্ডত চৰকাৰী কৰ্মচাৰী জড়িত হৈ থকাটো স্পষ্ট যদিও তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই। আনহাতে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা জিলাখনৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছইবুৰ ৰহমান এগৰাকী পঞ্জীয়নভুক্ত দালাল আছিল বুলি বিস্ফোৰক অভিযোগ কৰে ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে। জিলা ভূমি আৱণ্টন উপদেষ্টা সমিতিত থকা মানকাচৰৰ বৰ্তমানৰ বিধায়ক আমিনুল ইছলাম, তেওঁৰ পত্নী তথা জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান, দক্ষিণ শালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী, মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল আৰু এই সমিতিৰ আন আন সদস্য সকলে জিলাখনৰ চৰকাৰী মাটি ভূমিহীন লোকক আৱণ্টন দিয়াৰ নামত একাংশ ধনী শ্ৰেণীৰ লোকক মোটা অংকৰ ধনৰ বিনিময়ত দূৰ্নীতি কৰি ভূমি আৱণ্টন দিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে।

ইফালে ভূমি আণ্টনৰ দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জড়িত থকা বুলি ৰাইজৰ দলে দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন কৰি আহিছে যদিও এতিয়ালৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ বাবে কোনো স্পষ্টীকৰণ নিদিয়াৰ কাৰণ কি বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰশ্ন কৰি কয় যে যি পাঁচ গৰাকী লোকক মাটিৰ দালালি কাণ্ডৰ লগত জড়িত থকা বুলি গ্ৰেপ্তাৰ কৰিছে সেই কেইজন প্ৰকৃততে দালাল হয়নে নহয় সেয়া ৰাইজৰ দলৰ মাজত সন্দেহ উপজিছে। আৰক্ষীয়ে কেৱল পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰাৰ বিপৰীতে মাটিৰ দালালিৰ লগত জড়িত থকা ৰৌ-বৰালি তথা জিলা প্ৰশাসনৰ নেতৃত্বত গঠন হোৱা ভূমি আৱণ্টন উপদেষ্টা সমিতিৰ সদস্য সকলক গ্ৰেপ্তাৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সত সাহস দেখুৱাবলৈ ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে প্ৰত্যাহ্বান জনায়। তদুপৰি মানকাচৰৰ বৰ্তমানৰ বিধায়ক তথা এআইইউডিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলাম ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ নমিনি তথা মাটিৰ দালালীৰ কালেক্টৰ আছিল বুলিও ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে অভিযোগ উত্থাপন কৰে।

তেওঁ লগতে কয় যে জিলাখনত ভূমিহীন লোকক মাটি আৱণ্টন দিয়াৰ কথা আছিল যদিও ভূমিহীন লোকৰ সলনি ধনী শ্ৰেণীৰ লোককহে ধনৰ বিনিময়ত দুৰ্নীতিৰ জৰিয়তে ভূমি আৱণ্টন দিয়া হৈছে। আনহাতে জিলাখনত কেৱল চক্ৰ বিষয়াৰ কাৰ্যালয়তে দালালি নহয়, জিলাখনৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়, কৃষি বিভাগৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কাৰ্যালয় দালালেৰে ভৰি পৰিছে বুলি ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে অভিযোগ উত্থাপন কৰে। চৰকাৰী কাৰ্যালয়ত দালালি কৰা পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি কি লাভ বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰি এনে দালালক সুযোগ দিয়া চৰকাৰী কৰ্মচাৰী সকলক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰে। বিধায়ক আমিনুল ইছলাম এগৰাকী ভিজা মেকুৰী বুলি তেওঁ অভিযোগ কৰি কয় যে ৰাজ্যৰ কোনো স্থানত যদি চৰকাৰী উচ্ছেদ হয় তেতিয়া তেওঁ সংবাদ মাধ্যমৰ আগত সঘনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যায় যদিও নিজৰ সমষ্টি তথা নিজৰ জিলাত প্ৰশাসনে আমানৱীয়ভাৱে ভূমিহীন লোকক উচ্ছেদ কৰি ধনী শ্ৰেণীৰ লোকক ভূমি আৱণ্টন দিয়া ঘটনাক লৈ তেওঁ কিয় সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া নিদিয়ে তাকলৈও প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকী।

চৰকাৰে কোন কোন দালালক কেতিয়া কেনেকৈ ধৰিব তাৰ প্ৰতি ৰাইজৰ দলৰ সামান্যতম আপত্তি নাই যদিও আজিলৈ চৰকাৰ বা আৰক্ষী প্ৰশাসনে কিমানজন চৰকাৰী কৰ্মচাৰীৰূপী দালালক গ্ৰেপ্তাৰ কৰিলে সেয়া চৰকাৰে স্পষ্ট কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰৌ-বৰালিক গ্ৰেপ্তাৰ নকৰি কেৱল পুঠি-খলিহনাক ধৰি চমকহে দেখুৱাব খুজিছে নেকি তাক লৈও ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্ৰ আনিছুৰ ৰহমানে অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে জিলাখনত আৰক্ষীয়ে ইতিমধ্যে পাঁচজন লোকক মাটিৰ দালালি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতেই ৰৌ-বৰালি সকল পলায়ন কৰাৰ লগতে মন্ত্ৰী, জনপ্ৰতিনিধিৰ দুৱাৰে দুৱাৰে দালালি তালিকাৰ পৰা নিজৰ নামত কৰ্তন কৰাৰ প্ৰচেষ্টা চলাই থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে দুই চাৰিজনে দালালি তালিকাৰ পৰা নাম কৰ্তন কৰা বুলিও ৰাইজৰ মাজত আলোচনা। হোৱা দেখা গৈছে।