জোনমণি বেগম
বিশ্বনাথ : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা। নৰেন্দ্ৰ মোদীক আদানী, আম্বানীৰ চৰকাৰ বুলি অভিহিত কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিজেপিক তীব্ৰ আক্ৰমণ চলায়। কৃষক মহাসভাই আহ্বান জনোৱা ভাৰত বন্ধক নৈতিক সমৰ্থন জনায় কংগ্ৰেছ দলে।

সোমবাৰে বিশ্বনাথৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক সংবাদ মেল অনুষ্ঠিত কৰি কৃষক মহাসভাই আহ্বান জনোৱা ভাৰত বন্ধক নৈতিক সমৰ্থন জনায়। সংবাদ মেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কৃষক বিলৰ তীব্ৰ বিৰোধীতা কৰি নৰেন্দ্ৰ মোদীক অগণতান্ত্ৰিক চৰকাৰ আৰু আদানী, আম্বানীৰ চৰকাৰ বুলি অভিহিত কৰে।

কৃষক মহাসভাই আহ্বান জনোৱা ভাৰত বন্ধক নৈতিক সমৰ্থন জনাই অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰে মনত ৰাখা উচিত যে এই দেশ কৃষক সকলে স্বাধীন কৰিছে, কিন্তু এই কৃষক সকলৰ বিৰুদ্ধে তিনিখনকৈ ক’লা আইন জাপি দিছে এই চৰকাৰখনে। গণতন্ত্ৰৰ প্ৰমোল্য বুধ ধ্বংস নকৰিবলৈ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই চৰকাৰক।আহ্বান জনায়।

আনহাতে চৰকাৰে দালাল ৰাজ শেষ কৰাৰ কথা কোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কয় যে চৰকাৰে দালাল আঁতৰাব, কাৰণ তেওঁলোকৰ ঘৰতে দালাল আছে।গৰুখুটীকাণ্ডত পিএফআই জড়িত থাকৰ কথা প্ৰসংগত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই চৰকাৰক প্ৰশ্ন কৰে, যদি আপোনালোকৰ হাতত তথ্য প্ৰমাণ আছে তেনেহ’লে আপোনালোকে আইন গত ব্যবস্থা গ্ৰহণ কৰক৷ পিএফআইৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই।

বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰি সমাজত বিভাজনৰ সৃষ্টি কৰিছে।আমি কোনো অপৰাধীৰ পক্ষত নাযাওঁ, বিজেপিয়ে কেৱল চমক সৃষ্টি কৰিবলৈ এনকাউণ্টাৰৰ নাটক ৰচিছে। উপ-নিৰ্বাচনৰ পাৰ কৰিবলৈ বিজেপিয়ে মেৰুকৰণৰ ৰাজনীতি, এনকাউন্টাৰৰ নাটক ৰচিছে বুলিও কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। চৰাকৰে ১ অক্টোবৰৰ পৰা বিদ্যালয় সমূহ পুনৰ আৰম্ভ কৰা সন্দৰ্ভতো অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিদ্যালয় সমূহ পুনৰ আৰম্ভ কৰা সন্দৰ্ভত কয় যে এইয়া গৰখীয়া আৰু বাঘৰ কাহিনীৰ দৰে হৈছে।বিদ্যালয় আৰম্ভ কৰাৰ আগত শিক্ষক নিযুক্তি দিয়ক, কেৱল ডেক্স-বেঞ্চ বিদ্যালয়ত থাকিলেই নহ’ব। আনহাতে মূল্যবৃদ্ধিৰ সন্দৰ্ভতো অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই চৰকাৰখনক সমালোচনা কৰি থকা-সৰকা কৰে। বৰ্তমান চৰাকৰখন কামত একো নাই, কেৱল পাব্লিচিতিৰ চৰকাৰ হৈ পৰিছে বুলিও কয় কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে।