গুৱাহাটী : হাতত সুৰাৰ বটল লৈ গড়চুক থানাত এগৰাকী যুৱতী। ধাবাত সুৰা পান কৰি মাতাল হৈ পৰা যুৱতী গৰাকীক কেব চালকে লৈ আহিল থানালৈ। থানাত চলিল মাতাল যুৱতী গৰাকীৰ তাণ্ডৱলীলা। যুৱতী গৰাকীৰ মুখত অশ্লীল গালি।

সোমবাৰে নিশা মহানগৰীৰ গড়চুক থানাত সুৰাৰ ৰাগীত মাতাল হৈ এগৰাকী যুৱতীয়ে তাণ্ডৱলীলা চলালে। পামহিৰ এখন ধাবাত সুৰা পান কৰা যুৱতী গৰাকীক ঘৰলৈ যোৱাৰ বাবে এজন যুৱকে কেব বুক কৰি দিছিল। পামহিৰ পৰা পৰা গণেশপাৰালৈ কেব বুক কৰি দিছিল যুৱকজনে।

গণেশপাৰাত উপস্থিত হোৱাৰ পিছত সুৰাৰ ৰাগীত মাতাল যুৱতী গৰাকীয়ে পাহৰি যায় ঘৰৰ ঠিকনা। বহু সময় ধৰি কেব চালকজনে গণেশপাৰাত অপেক্ষা কৰাৰ পিছত মাতাল যুৱতী গৰাকীক লৈ উপস্থিত হয় গড়চুক থানাত। ইয়াৰ পিছতে আৰক্ষীক দেখি সুৰাৰ ৰাগীত মাতাল যুৱতী গৰাকীয়ে আৰম্ভ কৰে তাণ্ডৱলীলা।

হাতত সুৰাৰ বটল লৈ যুৱতী গৰাকীয়ে গড়চুক থানাৰ ভিতৰত তাণ্ডৱ চলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মুখত অশ্লীল গালি আৰু হাতত সুৰাৰ বতল লৈ মাজনিশা পৰ্যন্ত গড়চুক থানাৰ চৌহদত তাণ্ডৱ চলায় যুৱতী গৰাকীয়ে। যুৱতী গৰাকী পাৰ্লাৰত কাম কৰে বুলি জানিব পৰা গৈছে।