গুৱাহাটীৰ : ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কটৰা নামৰ এখন গাঁও। ছিপাঝাৰ সমষ্টিৰ উত্তৰ দিশৰ একেবাৰে শেষ প্ৰান্তত আছে এই গাঁওখন। তিনি বছৰ পূৰ্বে এই গাঁওখনৰ ১১ জন যুৱক-যুৱতী ওলাই আহিছিল সমাজৰ বাবে কিবা এটা কৰাৰ হেঁপাহলৈ। এই ১১ জন যুৱক-যুৱতীয়ে সমাজ সেৱা কৰাৰ বাবে গঠন কৰিছিল ‘আশা’ নামৰ এটি বেচৰকাৰী অনুষ্ঠান।

প্ৰথম অবস্থাত নিজ গাঁওখনৰে দুখীয়া লোকসকলক সহায় কৰাৰ পিছত লাহে লাহে ‘আশা’ই দৰং, কামৰূপ, বাক্সা, শোণিতপুৰ, কোকৰাঝাৰ আদি ৰাজ্য অন্যান্য জিলা সমূহতো দুখীয়া লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহে৷ বিনামূলীয়া চকু চিকিৎসা শিবিৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ, দুখীয়া লোকসকলৰ মাজত বস্ত্ৰ বিতৰণৰ লগতে দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাষত থিয় দি আছিল ‘আশা’ই।

ইয়াৰ মাজতে মহামাৰী ক’ভিডৰ বাবে ঘোষণা কৰা লক ডাউনৰ সময়ছোৱাত ‘আশা’ই কেইবাশতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ, ক’নটেইনমেন্ট জ’ন হিচাপে ঘোষিত ওদালগুৰিৰ সাৰেং গাঁৱত প্ৰায় তিনি লাখ টকাৰ খাদ্য সামগ্ৰী প্ৰদান কৰিছিল। দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাৰ এহাজাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ কেম্পাচ্ জোতা আৰু কাপোৰ প্ৰদান, ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ চেন্দেল বিতৰণ কৰিছিল ‘আশা’ই।

জটিল হৃদয় ৰোগত ভুগি থকা শিশু সকলক বিনামূলীয়াকৈ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ উপৰিও শেহতীয়াভাৱে ২২ খন উচ্চ আৰু উচ্চৰত মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক চাৰ্ট বিতৰণ কৰে ‘আশা’ই৷ বিভিন্ন ধৰণৰ সামাজিক কামকাজ মাজতে ৩ বছৰত ভৰি দিয়া ‘আশা’ই যোৱা ৯ নবেম্বৰত কটৰাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাক্সা জিলাৰ ৰঙিয়া সমষ্টিৰ গুৰমৌ নামৰ ঠাইত উপস্থিত হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

গুৰমৌৰ অত্যন্ত দুৰ্বিষহ জীৱন যাপন কৰি থকা মইনা ৰাজবংশী নামৰ ৮২ বছৰীয়া অকলশৰীয়া বৃদ্ধ এগৰাকীৰ কাষত ঠিয় দি এক মহানুভৱতাৰ পৰিচয় দিয়া ‘আশা’ৰ পদক্ষেপক সকলোৱে শলাগ লয়৷ কটৰাৰ কুশল কলিতা নামৰ এজনে ৰাজেশ সিন্ধু আৰু ‘আশা’ৰ সমন্বয়ক ৰাজীৱ কলিতাক বৃদ্ধ গৰাকীৰ বিষয়ে অৱগত কৰাৰ চাৰিদিনৰ ভিতৰত মইনা ৰাজবংশীৰ ঘৰ সাজি দিয়াৰ লগতে বৃদ্ধ গৰাকীক বিচনা, কম্বল, তুলি, গাৰু, জেকেট, চেন্দেল, জোতা, প্ৰয়োজনীয় কাপোৰ আৰু খোৱা সামগ্ৰী প্ৰদান কৰি বৃদ্ধা গৰাকীক সকাহ দিয়াৰ এক চেষ্টা চলায় ‘আশা’ই৷

বেচৰকাৰী অনুষ্ঠানটোৰ হৈ সমষ্ট কামকাজ চম্ভালে সংস্থাটোৰ মূৰব্বী ৰাজীৱ কলিতা, ৰাজেশ সিন্ধু, উদয়ভাস্কৰ হাজৰিকা আৰু কৈলাশ কলিতাই৷ ‘আশা’ৰ এই কামত ডিজাইন ক্ৰীদ নামৰ প্ৰতিষ্ঠানৰ ৰণ বিকাশ গৌৰৱ আৰু শিল্পী কমল কৃষ্ণ বৰুৱাই যথেষ্ট আৰ্থিক বৰঙনি সংগ্ৰহ কৰি সহযোগিতা আগবঢ়াই। সমাজৰ সেৱাৰ বাবে ১১ জন যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ‘আশা’ এতিয়া বহু দুখীয়া লোকৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা।