আব্দুল হক
নগৰবেৰা : হঠাৎ সাৰপালে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়াৰ লগতে বন কৰ্মী। হঠাৎ সক্ৰিয় হৈ কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ বদলাত বন বিভাগে চলালে অভিযান। অভিযানকালত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিলে বন বিভাগে।

নগৰবেৰাৰ বদলাত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে এক অভিযান চলায়। বন বিভাগৰ অভিযান জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বদলা বজাৰ এলেকাত মঙলবাৰে বন বিভাগ অতৰ্কিতে অভিযান চলায়।

বন বিষয়া মৃনাল অধ্যাপকৰ নেতৃত্বত চলা অভিযানত বন বিভাগে বদলা বজাৰ এলেকাৰ পৰা বৃহৎ পৰিমাণৰ মূল্যৱান চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত কাঠৰ কুণ্ডা সমূহৰ আনুমানিক বজাৰ মূল্য দুই লক্ষাধিক টকা হ’ব বুলি বন বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়ে।

উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ লোকে চোৰাং কাঠৰ ব্যৱসায় চলাই আহিছে। নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি অঞ্চলটোত একাংশ লোকে চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰো অভিযোগ দীর্ঘদিন ধৰি উত্থাপিত হৈ আহিছে।