মৰিগাঁও : তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা। ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ জোনবিল মেলা বাতিল কৰা হৈছিল যদিও অনুষ্টুপীয়াকৈ এই ঐতিহাসিক মেলাৰ আয়োজন কৰা হৈছে। প্ৰায় ১৫০ লোকৰ অংশগ্ৰহণেৰে‌ জোনবিলৰ পাৰত ঐতিহাসিক জোনবিল মেলা আৰম্ভ। মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত আৰম্ভ ঐতিহাসিক জোনবিল মেলা।

প্ৰতিবছৰে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা জোনবিল মেলা এইবাৰ কভিডসৃষ্ট পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে। প্ৰায় ১৫০ লোকৰ অংশগ্ৰহণে‌ৰে পুৱাৰ ভাগত আৰম্ভ হয় বিনিময় প্ৰথা। ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পাই থকাৰ মাজতে পৰম্পৰা ৰক্ষাৰ বাবে জোনবিলৰ পাৰত বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিল মামা-মামী সকল। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৱৰ্তী জোনবিলৰ পাৰত আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলাৰ।

প্ৰতিবছৰে মাঘ বিহুৰ পিছৰ প্ৰথমটো সপ্তাহত উদযাপন কৰা এই ঐতিহাসিক মেলত এইবেলি পৰিলক্ষিত নহ’ল উখল মাখল পৰিৱেশ। তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা এই মেলাত প্ৰথমদিনা হাজাৰ হাজাৰ লোক আহি ভিৰ কৰে। পাহাৰ-ভৈয়ামৰ বিভিন্ন ধৰ্ম, ভাষা, জাতি-জনগোষ্টীৰ মাজত সমন্বয়ৰ সেঁতু হিচাপে চিহ্নিত জোনবিল মেলাত বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিলে পাহাৰীয়া মামা-মামী সকলৰ লগত ভৈয়ামৰ লোক সকলে।

পাহাৰত বসবাস কৰা বিভিন্ন জনগোষ্টীৰ লোক সকলে উৎপাদন কৰা পাহাৰীয়া জলকীয়া, আলু, কচু, আদা, হালধী, ধূনা, গন্ধক, লাও, আমলখি, শিলিখা, লা, গাজ, কপাহ, টেঙা আদিৰ লগত ভৈয়ামৰ লোক সকলে বিনিময় কৰিলে সান্দহ, তিলৰ পিঠা, শুকান মাছৰ লগতে বিভিন্ন সামগ্ৰী। মৰিগাঁও জিলাৰ জাগীৰোডত এই মেলা অনুষ্ঠিত হোৱাৰ সঠিক তথ্য নাই যদিও গোভা ৰজা প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা এই ঐতিহাসিক মেলা অনুষ্ঠিত হৈ আহিছে।

প্ৰতিবছৰে হাজাৰ হাজাৰ দেশী পৰ্যটকৰ লগতে বিদেশী পৰ্যটক আহি এই মেলাখনত ভিৰ কৰা পৰিলক্ষিত হয়। জাগীৰোডৰ জোনবিল মেলাখনে পৰ্যটকৰ মাজত বিশেষ গুৰুত্ব লাভ কৰে মেলাখনত আজিও বৰ্তি থকা বিনিময় প্ৰথাৰ বাবে। ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ জোনবিল মেলাৰ বাণিজ্যিক আৰু সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে।