কলগাছিয়া : এইবাৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এগৰাকী কিশোৰীক শাৰীৰিকভাৱে অপদস্থ। কিশোৰী গৰাকীক শাৰীৰিকভাৱে অপদস্তৰ সমগ্ৰ ভিডিঅ’ আৱদ্ধ মোবাইল ফোনৰ কেমেৰাত। এই ঘটনাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে সামাজিক ন্যায়ৰ পৰা বঞ্চিত হৈ ন্যায় বিচাৰি কাষ চাপিল আৰক্ষীৰ।

এগৰাকী কিশোৰীক প্ৰচণ্ড চৰ এজন কিশোৰৰ। এই দৃশ্য আৱদ্ধ হৈছে মোবাইল ফোনৰ কেমেৰাত। মোবাইল ফোনৰ কেমেৰাত আৱদ্ধ হৈছে এজন ‘কিশোৰ এগৰাকী কিশোৰীৰ ফালে লাহে লাহে আগবাঢ়ি গৈ আছে আৰু পিছে পিছে আন এজনে মোবাইল ফোনৰ কেমেৰাত বন্দী কৰি গৈ আছে সমগ্ৰ দৃশ্য। কিশোৰজন কিশোৰী গৰাকীৰ কাষ পোৱাৰ পিছতেই কিশোৰী গৰাকীক এটা প্ৰচণ্ড চৰ সোধাই উভতি আহে কিশোৰজনে’। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ পশ্চিম বালিকুৰী জনকল্যাণ হাই স্কুলত। যোৱা বুধবাৰে সংগঠিত হৈছে এই ঘটনা।

প্ৰাপ্ত অভিযোগ মতে, কিশোৰজনে কিশোৰী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু কিশোৰী গৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই কিশোৰজনে কিশোৰী গৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। কিশোৰ-কিশোৰী দুজন একেখন বিদ্যালয়ৰে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বুলিও জানিব পৰা গৈছে। উক্ত ঘটনাৰ মীমাংসা বাবে দেওবাৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আবু আহমেদ ভূঞাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় যদিও উক্ত সভাত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱাত অৱশেষত সামাজিক ন্যায়ৰ পৰা বঞ্চিত হয় কিশোৰী গৰাকী।

অৱশেষত ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে ন্যায় বিচাৰি কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনক দোষী কিশোৰজনক আটক কৰি উচিত শাস্তি বিহাৰ বাবে দাবী জনাইছে ভূক্তভোগী কিশোৰী গৰাকীৰ লগতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।