গুৱাহাটী : ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত আহত হোৱা জোছেফ মাৰাকৰ মৃত্যু। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে জোছেফ মাৰাকে। দুর্ঘটনাত দুয়োখন ভৰি হেৰুৱাইছিল জোছেফ মাৰাকে। এমাহতকৈও অধিক সময় ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল জোছেফ মাৰাক।

মডেল ৰাজকন্যা বৰুৱাই ১ অক্টোবৰৰ নিশা সংঘটিত কৰা ভয়ংকৰ পথ দুর্ঘটনাটোত ৮ জনকৈ শ্ৰমিকৰ লগতে আহত হৈছিল জোছেফ মাৰাক নামৰ এজন লোক। ৰাজকন্যা বৰুৱাই ৯ জনকৈ লোকক মহতিয়াই নিয়া ভয়ংকৰ দুর্ঘটনাটোত জোছেফ মাৰাকৰ এখন ভৰি দুর্ঘটনাস্থলীতে ছিঙি পৰিছিল।

দুর্ঘটনাটোত অহাত ৯ জন লোককে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ৮ জন লোক পৰৱৰ্তী সময়ত সুস্থ হৈ উঠাত এই ৮ জন লোকক ঘৰলৈ যাব দিয়া হয়। কিন্তু জোছেফ মাৰাক চিকিৎসালয়ৰ বিচনাতে সংজ্ঞাহীন হৈ পৰি আছিল। চিকিৎসালয়ত জোছেফ মাৰাকৰ আনখন ভৰিও কাটি পেলাব লগীয়া হৈছিল।

এমাহতকৈ অধিক দিন চিকিৎসালয়ৰ বিচনাত পৰি থকা জোছেফ মাৰাকৰ অৱশেষত মৃত্যু ঘটে। উল্লেখ্য যে সুৰাৰ ৰাগীত মাতাল হৈ নিশাৰ ভাগত ক’ভিড নীতি নিৰ্দশনা ভংগ কৰি ৯ জনকৈ লোকক মহতিয়াই নিয়াৰ পিছতো ২৪ ঘণ্টাৰ ভিতৰত জামিন লাভ কৰিছিল ৰাজকন্যা বৰুৱেই। ৰাজকন্যা বৰুৱাই জামিন লাভ কৰা ঘটনাই সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অসম আৰক্ষীৰ তীব্ৰ সমালোচনা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত ৰাজকন্যা বৰুৱাই ১ অক্টোবৰৰ নিশা ৰুক্মিণীগাঁৱত সংঘটিত কৰা দুৰ্ঘটনাৰ পুনৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে। বৰ্তমান ৰাজকন্যা বৰুৱা কাৰাগাৰত আৰু দুদিন পূৰ্বে দিছপুৰ আৰক্ষীয়ে আদালতত ৰাজকন্যা বৰুৱাই সংঘটিত কৰা দুর্ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰে। ডেৰপৃষ্ঠাৰ এই চাৰ্জশ্বিটত বিলাসী হোটেল তাজ ভিভান্তা আৰু পংকজ সাধনিদাৰৰ নাম উল্লেখ নাই।