আজিজ আলী
মুকালমুৱা : দুখীয়া পৰিয়ালৰ ছাত্ৰ জাহিদ জেহৰুল ইছলাম উজলিল উঠিল। চৰাঞ্চলৰ মেধাবী ছাত্ৰ জাহিদ জেহৰুল ইছলামে গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলালৈ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এটি চৰাঞ্চলৰ পৰা নিট পৰীক্ষাত উত্তীৰ্ণ হৈ দুখীয়া পৰিয়ালৰ ছাত্ৰ জাহিদ জেহেৰুল ইছলামে নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। পিতৃ এজন দিন হাজিৰা কৰা ছেমি তথা ভাতৃ এজন ঠেলা চালক।

পিতৃয়ে দিন হাজিৰা কৰি আৰু ভাতৃয়ে ঠেলা চলাই অতি কষ্টৰে জাহিদ জেহেৰুল ইছলামৰ শিক্ষাৰ খৰচ বহন কৰিছিল। নিজৰ এই সাফল্যৰ বাবে জাহিদ জেহেৰুল ইছলামে শিক্ষক- শিক্ষয়িত্ৰী, পিতৃ-মাতৃৰ লগতে ভাতৃ জব্বেৰ আলীক বিশেষকৈ কৃতিত্বৰ আগবঢ়াইছে।