মানকাচৰ : এজন গৃহৰক্ষী জোৱানৰ তৎপৰতাত জব্দ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগছ। গৃহৰক্ষী জোৱানে খেদি খেদি জব্দ কৰিলে ড্ৰাগছ ভৰ্তি বাহন। নিজৰ মটৰ চাইকেলেৰে ৪ কিলোমিটাৰ বাট ড্ৰাগছ ভৰ্তি বাহনখন খেদি খেদি অৱশেষত বাহনখন জব্দ কৰে গৃহৰক্ষী জোৱানজনে। এজন গৃহৰক্ষী জোৱানৰ সাহস আৰু তৎপৰতাৰ বাবেই এই বৃহৎ সাফল্য। মানকাচৰৰ কঠালবাৰীত এজন গৃহৰক্ষী জোৱানৰ তৎপৰতাত জব্দ হয় কফ চিৰাপ ভৰ্তি এখন বাহন।

দেওবাৰে বিয়লি প্ৰায় ৫ বজাত মানকাচৰৰ কঠালবাৰীত এজন গৃহৰক্ষী জোৱানৰ তৎপৰতাত আৰক্ষীয়ে এখন কফ চিৰাপ ভৰ্তি বাহন জব্দ কৰে। মানকাচৰ থানাৰ প্ৰাক্তন গৃহৰক্ষী জোৱান মাণিক লাল বাদশ্বাহ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত বজাৰ কৰিবলৈ আহি এখন বাহনৰ গতিবিধি প্ৰত্যক্ষ কৰি মাণিক লাল বাদশ্বাহৰ সন্দেহ ওপজে। বজাৰৰ পথৰ ওপৰত যথেষ্ট সংখ্যক ভিৰ থকাৰ পিছতো এএছ-১৭-চি-০৮১৪ নম্বৰৰ টাটা মেজিক বাহনখন দ্ৰুত গতিত আঁতৰি যায়।

বাহনখনৰ গতিবেগ দেখি গৃহৰক্ষী জোৱানজনে নিজৰ মটৰ চাইকেল লৈ প্ৰায় ৪ কিলোমিটাৰ বাট খেদি গৈ অৱশেষত কঠালবাৰীত বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে বাহনখনৰ চালক আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী বাহনখনৰ পৰা পলায়ন কৰে। গৃহৰক্ষী জোৱানজনে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাত প্ৰায় ১ ঘণ্টাৰ অন্তত আৰক্ষী বিষয়া দ্বীপালী বৰুৱা চিআৰপিএফ বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ বাহনখন জব্দ কৰি বাহনখনৰ ভিতৰৰ পৰা পাঁচ বস্তা কফ চিৰাপ জব্দ কৰে।

বস্তা কেইখনত মুঠ ৫০০ বটল ৰেলাক্সকফ নামৰ কফ চিৰাপ আছিল। জানিব পৰা মতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ আৰু মণিৰপুৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীয়ে এইদৰে নিচাযুক্ত টেবলেট, কফ চিৰাপ, ভাং, বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ মানকাচৰত আনি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ কৰে। মন কৰিবলগীয়া যে মাণিক লাল বাদশ্বাহ নামৰ গৃহৰক্ষী জোৱানজনৰ সাহস আৰু পদক্ষেপে এই সাফল্যত বিশেষ তাৎপৰ্য বহন কৰিছে।