গৰৈমাৰী : গৰৈমাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ই-ৰিক্সা চালকক নিচাযুক্ত সামগ্ৰী সেৱন কৰিব লুটি নিলে ই-ৰিক্সা। দুৰ্বৃত্তই ই-ৰিক্সা চালকজনৰ মোবাইল ফোন আৰু নগদ ধনো লুটি নিলে৷ ই-ৰিক্সা চালকজন বৰ্তমানা চিকিৎসাধীন অৱস্থাত আছে।

শনিবাৰে সন্ধিয়াৰ ভাগত দক্ষিণ কামৰূপৰ গৰৈমাৰীত দুৰ্বৃত্তই এজন ই-ৰিক্সা চালকক নিচাযুক্ত সামগ্ৰী সেৱন কৰাই লুটি নিয়ে ই-ৰিক্সা, নগদ ধন আৰু মোবাইল ফোন। সন্ধিয়া নজৰুল ইছলাম নামৰ ই-ৰিক্সা চালকজনক অচিনাক্ত লোকে ছয়গাঁৱলৈ ভাড়ালৈ আহিছিল আৰু পানীয় খাদ্যৰ লগত নিচাযুক্ত সামগ্ৰী সেৱন কৰাই ই-ৰিক্সাখন লুটি নিয়ে।

দুৰ্বৃত্তই ই-ৰিক্সা লুটি অচেতন অৱস্থাত ই-ৰিক্সা চালক নজৰুল ইছলাম পথৰ ওপৰত পেলাই যায়। ইফালে পৰিয়ালৰ লোকৰ সৈতে নজৰুল ইছলামৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি অৱশেষত ছয়গাঁৱৰ গুমী অঞ্চলৰ গড়কাপ্তানী পথৰ ওপৰত অচেতন অৱস্থাত উদ্ধাৰ কৰে ই-ৰিক্সা চালক নজৰুল ইছলামক।

পৰিয়ালৰ লোকে নজৰুল ইছলামক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ই-ৰিক্সা চালক নজৰুল ইছলাম গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে। ঘটনা সন্দৰ্ভত গৰৈমাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে সফলতা লাভ কৰা নাই। মাত্ৰ ৬ দিন পুৰ্বে নজৰুল ইছলামে ক্ৰয় কৰিছিল ই-ৰিক্সাখন।