আজিজ আলী
নলবাৰী : সুদীৰ্ঘ ২২ বছৰ পিছত মাতৃ-কন্যাৰ মহামিলন। ২২ বছৰ পিছত মাতৃৰ কাষত আহি উপস্থিত হ’ল কন্যা। বিবাহৰ পিছৰে পৰা নলবাৰীস্থিত নিজ পিতৃ গৃহৰ লগত কোনো সম্পৰ্ক নাছিল ববিতা হালৈৰ। হঠাৎ উত্তৰ প্ৰৱেশৰ পৰা আহি উপস্থিত ববিতা হালৈ। 

নলবাৰী চহৰৰ সমীপৰ পয়লা গাঁৱত এগৰাকী মহিলাৰ আগমনে আবেগিক কৰি তোলে পৰিয়াল এটাৰ লগতে অঞ্চলটোৰ ৰাইজক। পয়লা গাঁৱত মহিলা গৰাকী ২২ বছৰ পিছত আহি উপস্থিত হোৱাত আবেগিক হৈ পৰে সকলো। সুদীৰ্ঘ ২২ বছৰ পিছত পিতৃ গৃহত উপস্থিত হয় মহিলা গৰাকী।

নলবাৰী চহৰৰ সমীপতে থকা পয়লা গাঁও নিৱাসী হেমলতা হালৈৰ কন্যা ববিতা হালৈ ২২ বছৰ পিছত আহিছে নিজ জন্মস্থানখনলৈ। ববিতা হালৈৰ পৰিয়ালটিয়ে ২২ বছৰ পূৰ্বে ববিতা হালৈক উত্তৰ প্ৰদেশৰ এজনৰ যুৱকৰ লগত বিয়া দিছিল। বিয়াৰ পিছৰে পৰা পিতৃ গৃহৰ লগত কোনো সম্পৰ্ক নাছিল ববিতা হালৈৰ।

২২ বছৰ পূৰ্বে ববিতা হালৈ উত্তৰ প্ৰদেশলৈ যি বিয়া হৈ গ’ল তাৰ পিছত আৰু কোনো যোগাযোগ নাছিল পৰিয়ালৰ লগত। বছৰৰ পিছত বছৰ অতিক্ৰম কৰিল কিন্তু ববিতা হালৈৰ পিতৃ পৰিয়ালে কোনো খবৰ লাভ কৰা নাছিল ববিতা হালৈৰ। অৱশেষত ববিতা হালৈৰ পিতৃ গৃহৰ লোকে ববিতা হালৈ এই সংসাৰত নথকা বুলিও ভাবিছিল।

সুদীৰ্ঘ ২২ বছৰৰ পিছত ববিতা হালৈ নিজ পুত্ৰ সন্তান এজনৰ লগত নলবাৰীৰ পয়লা গাঁৱৰ পিতৃ গৃহলৈ আহি উপস্থিত হয়। নিজ কন্যাক সুস্থ অৱস্থাত দেখি ববিতা হালৈৰ মাতৃ হেমলতা হালৈৰ লগতে পৰিয়ালৰ সকলো লোক আনন্দত আত্মহাৰা হৈ পৰে। অঞ্চলটোৰ ৰাইজেও ২২ বছৰ পূৰ্বে আঁতৰি যোৱা নিজ গাঁৱৰ ছোৱালী গৰাকীক চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।