গুৱাহাটী : বিচাৰাধীন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। কেন্দ্ৰীয় কাৰাগাৰৰ এজন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে এই নিৰ্দেশ দিছে। কাৰ্যবাহী দণ্ডাধীশক ১৫ দিনৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰো নিৰ্দেশ দিয়া হৈছে

গুৱাহাটী ভঙাগড়স্থিত অসম মানৱ অধিকাৰ আয়োগৰ উপ-পঞ্জীয়কৰ এক জাননীৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে এজন বিচাৰাধীন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ঘাটোৱালপাৰাৰ কালিয়া ঘাটোৱাল নামৰ এজন কেন্দ্ৰীয় কাৰাগাৰৰ বিচাৰাধীন কাৰাবন্দীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

কালিয়া ঘাটোৱাল নামৰ কেন্দ্ৰীয় কাৰাগাৰৰ বিচাৰাধীন কাৰাবন্দীজনক উন্নত চিকিৎসাৰ বাবে ২৩ নৱেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু সেইদিনাই চিকিৎসালয় কৰ্তৃপক্ষই বিচাৰাধীন কাৰাবন্দীজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল। কামৰূপ জিলাৰ কাৰ্যবাহী দণ্ডাধীশ ৰিমঝিম কোঁৱৰক এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন কৰা হৈছে। ১৫ দিনৰ ভিতৰত চুড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।