গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ এক নৃশংস হত্যাকাণ্ড। পিতৃয়ে ১১ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে বৰাগাঁৱৰ গোসাইগাঁৱত। ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কন্যাক হত্যা কৰি পিতৃৰ পলায়ন কৰাৰ সন্দেহ।

এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ গোসাইগাঁৱত। আশা বড়ো নামৰ এগৰাকী ১১ বছৰীয়া কিশোৰীক অতি নৃশংসভাৱে হত্যা কৰা হৈছে গোসাইগাঁৱত। কিশোৰী গৰাকীক পিতৃয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সন্ধিয়া কিশোৰী গৰাকীৰ মাতৃ পাৰ্বতী বড়ো কামৰ পৰা ঘৰলৈ উভতি আহি ঘৰৰ ভিতৰত কন্যা আশা বড়োৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

পাৰ্বতী বড়োৰ স্বামী বলবাহদুৰ ওৰফে বলেনে কন্যা আশা বড়োক হত্যা কৰি ঘৰৰ দুৱাৰ তলা লগাই পলায়ন কৰা বুলি অভিযোগ উত্থাপন হৈছে। বৰ্তমানলৈকে বলবাহদুৰ ওৰফে বলেনৰ কোনো সম্ভেদ নাই। আশা বড়ো নামৰ কিশোৰী গৰাকীৰ মৃতদেহৰ কাষত সুৰাৰ বটল আৰু ৰছী উদ্ধাৰ হৈছে। সুৰাৰ ৰাগীত বলবাহদুৰ ওৰফে বলেনে কন্যা আশা বড়োৰ হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

গড়চুক আৰক্ষীৰ দল হত্যাকাণ্ডৰ তদন্ত চলাই আছে যদিও বৰ্তমানলৈকে কোন ধৰণৰ তথ্য লাভ কৰা নাই আৰক্ষীৰ দলটোৱে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব যে আশা বড়োৰ হত্যাকাণ্ডৰ লগত পিতৃ বলবাহদুৰ ওৰফে বলেন জড়িত নে অন্য কোনো লোকে সংঘটিত কৰিছে এই হত্যাকাণ্ড।