ক্ষেত্ৰী : বনৰীয়া হাতীৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে ক্ষেত্ৰীৰ বিজয়পুৰবাসীৰ। দেওবাৰে নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই অহা চাৰিটাকৈ বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে বিজয়পুৰবাসীৰ। সোমবাৰে পুৱতি নিশা বিজয়পুৰত তাণ্ডৱ চলায় বনৰীয়া হাতী চাৰিটা। ভাঙি লণ্ডভণ্ড কৰে কেইবাজনো লোকৰ ঘৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ অধিক ভয়াবহ হৈ উঠিছে বনৰীয়া আৰু মানুহৰ সংঘাত। হাতী আৰু মানুহৰ এই সংঘাতৰ ফলত ইতিমধ্যে বহু মানুহৰ লগতে প্ৰাণ হেৰুৱাইছে কেইবাটাও বনৰীয়া হাতী। হাতী আৰু মানুহৰ এই সংঘাত দিনক দিনে ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰিছে যে ইয়াৰ সমাধানৰ কোনো উত্তৰেই নাই বন বিভাগৰ ওচৰত।

বিগত কিছুদিন ধৰি উজনিৰ পৰা নামনিলৈকে বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই আহি বনৰীয়া হাতী জাকে উপদ্ৰৱ চলাই থকা দেখিবলৈ পোৱা গৈছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণো হেৰুৱাইছে কেইবাজনো লোকে।

ইয়াৰ মাজতে দেওবাৰে নিশাৰ ভাগৰে পৰা গুৱাহাটী মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ বিজয়পুৰত চাৰিটাকৈ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আছে। বনৰীয়া হাতী চাৰিটাৰ ভয়ত আতংকিত হৈ বিজয়পুৰবাসী ৰাইজে উজাগৰে নিশা কটাব লগীয়া হয় দেওবাৰে। সোমবাৰে পুৱতি নিশা বনৰীয়া হাতী জাকটোৱে কেইবাজনো লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে অঞ্চলটোত বিভিন্ন সময়ত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায়। ৰাইজে বন বিভাগক বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও বনৰীয়া হাতী খেদাত বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰে। অঞ্চলটোৰ ৰাইজ বৰ্তমানেও আতংকিত হৈ আছে।