গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৪ : গুৱাহাটীৰ একাংশ সচেতন নাগৰিক, স্বেচ্ছাসেৱী সংগঠন, বুদ্ধিজীৱী তথা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদত সেও মানি চৰকাৰে দীঘলীপুখুৰীৰ পাৰৰ গছ নকটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডল যোগে প্ৰকাশ কৰা এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে আম আদমি পাৰ্টীৰ (Aam Admi Party) ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

দীঘলীপুখুৰীৰ পাৰৰ পৰা নুনমাটিলৈ ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা উৰণ সেতুৰ কাম সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে ১০০ বছৰীয়া পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। লগে লগে প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হোৱাত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। এই সন্দৰ্ভত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয়, “মহানগৰীৰ আন্তঃগাঁথনি বা উৰণ সেতু নিৰ্মাণৰ নামত শতবৰ্ষ গৰকা গছ কটাৰ সিদ্ধান্ত কোনো পধ্যেই সমৰ্থন যোগ্য নহয়। মুখ্যমন্ত্ৰীয়ে এনে পৰিৱেশ বিনষ্টকাৰী এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰে অদূৰ ভৱিষ্যতে পুনৰ যাতে এনে অবিবেচক সিদ্ধান্ত গ্ৰহণ নকৰে। উন্নয়নৰ নামত পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পৰা কোনোধৰণৰ কাম কৰা উচিত নহয়। জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াচৰ সীমা চেৰাই যোৱাৰ সময়ত চৰকাৰে পৰিবেশ সুৰক্ষাতহে গুৰুত্ব দিব লাগে।”

আনহাতে মুখ্যমন্ত্ৰীয়ে দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ পিচতে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁৰ প্ৰশ্ন “গুৱাহাটীৰ দৰে চহৰত ইমান উৰণ সেতুৰ প্ৰয়োজন আছেনে? প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে নিজৰ ঠিকাদাৰ বন্ধুসকলৰ মুনাফাৰ স্বাৰ্থত এনে আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে।” আপৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে প্ৰকৃতিৰ ওপৰত খনন চলাই অথবা পাৰিপাৰ্শ্বিকতা ধ্বংস কৰি এনেধৰণৰ নিৰ্মাণ কোনো পধ্যেই মানি লব নোৱাৰি।