গুৱাহাটী, ৯ মেঃ মহানগৰীৰ বজাৰ ভৰি পৰিছে বতৰৰ প্ৰথমটো আমেৰে। ফলৰ দোকানত টুকুৰিত পকা আম দেখি আপুনিও কিনিব বিচাৰিব। কিন্তু এই পকা আম কিনাৰ আগতে অলপ সাৱধান হ’ব। সকলো উজ্জ্বল বস্তু যেনেকৈ সোণ নহয় ঠিক তেনেদৰে বজাৰত উপলব্ধ সকলো পকা আম খোৱাৰ উপযোগী নহয়। বজাৰত আমৰ নামত কিছুমান ব্যৱসায়ীয়ে মেলি দিছে বৰ বিষ। এই আমসমূহত স্বাস্থ্যৰ বাবে অতিকৈ হানিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰি কেঁচাতে পকাই বজাৰত বিক্ৰীৰ বাবে অনা হৈছে। মহানগৰীৰ ফাঁচী বজাৰৰ ফল-মূলৰ বজাৰত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই উদ্ধাৰ কৰে বিষাক্ত ৰাসায়নিক প্ৰদাৰ্থৰ প্ৰয়োগ কৰি পকাবলৈ লোৱা ১৪ কাৰ্টন বিষাক্ত আম। বিষাক্ত কাৰ্বহাইড্ৰেটৰ প্ৰয়োগ কৰা আমৰ এই ১৪ টাকৈ কাৰ্টন ফাঁচী বজাৰৰ কেইবাখনো ফলৰ দোকানৰ পৰা উদ্ধাৰ কৰা হয়। খাদ্য সুৰক্ষাৰ অভিযানত এই ব্যৱসায়ৰ লগত জড়িত দোকানৰ মালিক পলাই যাবলৈ সক্ষম হয় যদিও পুলিচে দুজন লোকক অধিক তথ্য সংগ্ৰহৰ বাবে আটক কৰিছে। কিছুমান দুষ্ট ব্যৱসায়ীয়ে পশ্চিমবঙ্গৰ ছিলিগুৰি আৰু কলকাতাৰ পৰা কম মূল্যত কেঁচাতে আম কিনি আনি বিষাক্ত কাৰ্বহাইড্ৰেটেৰে পকোৱা আম কার্টনত ভৰাই অধিক মূল্যত বিক্ৰী কৰি আছে। খাদ্য সুৰক্ষাৰ বিষয়াসকলে এক গোপন সূত্ৰৰ পৰা তথ্য পাই অভিযান আৰম্ভ কৰিছে। বিষাক্ত কাৰ্বহাইড্ৰেটৰ প্ৰয়োগ কৰা এনে খাদ্য সেৱন ফলত বিভিন্ন ধৰণৰ পেটৰ অসুখৰ লগতে মানৱ শৰীৰত ব্যাপক ক্ষতি সাধন হ’ব পাৰে। কাৰ্বহাইড্ৰেটৰ প্ৰয়োগে কেঁচা ফল ২৪ ঘণ্টাৰ ভিতৰতে পকাই দিয়ে। উল্লেখ্য যে, কিছু দিনৰ পিছত ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ মাহ ৰমজান আৰম্ভ হ’ব৷ ৰমজান মাহত ফল-মূলৰ চাহিদা বৃদ্ধি পায়। গতিকে ৰমজান মাহত কেঁচা ফল পকাই বিক্ৰীৰ আখৰা দুষ্ট ব্যৱসায়সকল আৰম্ভ কৰিছে৷