হাফলং, ৯ মেঃ আলু খেতি সাধাৰণতে শীতৰ আগমনৰ লগে লগে আৰম্ভ কৰা হয় কিন্তু এইবাৰ গ্ৰীষ্মকালত আৰম্ভ হৈছে আলুখেতি৷ এতিয়া নতুন আলুৰ সোৱাদ ল’বলৈ শীতৰ অপেক্ষা কৰিব নালাগে, গ্ৰীষ্মতে পাব নতুন আলুৰ সোৱাদ৷ উত্তৰ কাছাৰৰ পাৰ্বত্য জিলা ডিমা হাছাওত কৃষকে গ্ৰীষ্ম কালতে আলুৰ খেতি আৰম্ভ কৰিলে৷ উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনৰ স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মকৰ্তা, হ্ৰতিকূলটোৰে বিভাগ আৰু বলজাং গাঁৱৰ গাওঁবাসীয়ে আৰম্ভ কৰিছে গ্ৰীষ্মকালীন আলুখেতি৷ ইমানদিনে আদা খেতিৰ লগত জড়িত থকা মাহুৰৰ বলজাংৰ কৃষকসকল এতিয়া হাত দিছে আলু খেতিত৷ আদাৰ খেতিত বিভিন্ন সময়ত বজাৰত উচিত মূল্য নোপোৱাৰ ফলত কৃষকসকলৰ আৰ্থিক অৱস্থা বেয়া হ’বলৈ ধৰাত এতিয়া আদাৰ খেতিত গুৰুত্ব কমিছে কৃষকৰ৷ আদাৰ খেতিত লোকচানৰ সম্মুখীন হোৱা কৃষকে গ্ৰীষ্মকালীন আলু খেতিত গুৰুত্ব দি পোন প্ৰথম বাৰৰ বাবে ১৫ বিঘা মাটিত আৰম্ভ কৰিছে আলুৰ খেতি৷ বলজাংৰ অতিকৈ পৰিশ্ৰমী কৃষকসকলে এতিয়া আদাৰ বিপৰীতে গ্ৰীষ্মকালীন আলু খেতিৰ জৰিয়তে কৃষি ক্ষেত্ৰত এক নতুন বিপ্লৱ অনাৰ চেষ্টা হাতত লৈছে৷ পৰীক্ষণমূলক ভাৱে কৰা এই ১৫ বিঘা মাটিত বলজাংৰ কৃষকসকল শস্য সপোন দেখাৰ লগতে গ্ৰীষ্মকালীন আলু বজাৰত উচিত মূল্য পোৱাৰো আশা কৰিছে৷ বলজাংৰ কৃষকৰ এই প্ৰচেষ্টা যদি সফল হয় তেন্তে বজাৰত অতি সোনকালে আহি পৰিব গ্ৰীষ্মৰ নতুন আলু৷