গুৱাহাটী, ৮ মেঃ জলসিঞ্চন বিভাগৰ সচিব কুজেন্দু দলেয়ে বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ নিৰ্দেশত উৎকোচ লৈ দুৰ্নীতি নিৰ্বাৰক শাখাৰ হাতত ধৰা পৰিছিল৷ এই অভিযোগ গণমুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু ভাস্কো ডি শইকীয়াৰ। গুৱাহাটীৰ দুৰ্নীতি নিৰ্বাৰক শাখাৰ কাৰ্য্যালয়ত পাঁচশৰো অধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী উপস্থিত হৈ জলসিঞ্চন বিভাগত হোৱা দুৰ্নীতিৰ উচিত তদন্তৰ দাবী ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ সমিতিয়ে ৰঞ্জিত দত্ত মূর্দাবাদ, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল দুৰ্নীতিৰ নায়ক শ্লোগানৰে দুৰ্নীতি নিবাৰক শাখাৰ চৌহদ উত্তাল কৰি মুখ্যমন্ত্ৰীলৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷  কৃষক নেতা অখিল গগৈয়ে অভিযোগ কৰে যে কুজেন্দু দলেয়ে মন্ত্ৰী ৰঞ্জিত দত্তৰ কাৰণে ঠিকাদাৰৰ পৰা টকা লৈছিল আৰু এই কথা কুজেন্দু দলে জেৰাত দুৰ্নীতি নিৰ্বাৰক শাখাত স্বীকাৰ কৰিছে। কুজেন্দু দলে মন্ত্ৰী ৰঞ্জিত দত্তৰ নাম উল্লেখ কৰাৰ পিছতো আজিলৈ মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দুৰ্নীতি নিৰ্বাৰক শাখাই বিহিত ব্যৱস্থা নোলোৱাত সমিতিয়ে আশ্চৰ্য প্ৰকাশ কৰিছে৷ অখিল গগৈয়ে অভিযোগ কৰে যে কুজেন্দু দলেয়ে মন্ত্ৰী ৰঞ্জিত দত্তৰ নামত টকা লোৱাৰ কথা স্বীকাৰ কৰাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতি নিৰ্বাৰক শাখাৰ উচ্চ পদস্থ বিষয়াক ৰঞ্জিত দত্তৰ বিৰুদ্ধে তদন্ত নকৰিবলৈ নিদেৰ্শ দিয়ে। অখিলৰ অভিযোগ মুখ্যমন্ত্ৰী সোনোৱাল আৰু বিজেপি চৰকাৰখনে দুৰ্নীতি মুক্ত অসমৰ কথা কৈ চৰকাৰ গঠন কৰিয়ে দুৰ্নীতিত লিপ্ত হৈছে। গাদী দখলৰ এবছৰৰ পিছতো কোনো উন্নয়নৰ কাম কৰিব নোৱাৰা চৰকাৰখন আগৰ কংগ্ৰেছ চৰকাৰখনতকৈ বেছি দুৰ্নীতিত লিপ্ত হোৱাহে দেখা গৈছে। অখিলে শাসকীয় দলৰ দুৰ্নীতিৰ বিৰুদ্ধে নিৰৱ ভূমিকা গ্ৰহণ কৰা দুই বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফকো কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ মন্তব্য কৰে যে দুৰ্নীতিত পোত গৈ থকা আগৰ কংগ্রেছ চৰকাৰখনক বৰ্তমানৰ বিজেপি চৰকাৰখনে ব্লেকমেইল কৰি আছে। যদি কংগ্ৰেছ চৰকাৰখনে বিজেপিৰ বিৰুদ্ধে মাত মতে তেন্তে কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতিৰ তদন্ত কৰা হ’ব বুলি ভয়তে কংগ্ৰেছীয়ে মুখবন্ধ কৰি থৈছে। ইমান বছৰে কংগ্ৰেছে কৃষক তথা অসমৰ দুখীয়া মানুহৰ টকা মাৰি খাইছিল আৰু এতিয়া বিজেপিয়ে সেই একে নীতিকে আৰম্ভ কৰিছে৷ অখিলে বিধান সভাত ৰঞ্জিত দত্তক জলসিঞ্চন বিভাগৰ দুৰ্নীতিৰ তদন্তৰ মাজলৈ আনিব লাগে বুলি বিৰোধী দলসমূহক আহ্বান জনায়। কৃষক নেতাগৰাকীয়ে উৎকোচ লৈ ঠিকাদাৰৰ বিল পাছ কৰাৰ লগত জড়িত সকলৰ বিৰুদ্ধেও তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা, জলসিঞ্চন বিভাগৰ অবৈধ কমিচন কেলেংকাৰীৰ তদন্ত চিবিআইক দিয়া আৰু অসমত সকলো অবৈধ চিণ্ডিকেট সম্পূৰ্ণ বন্ধ কৰাৰ দাবী জনায়৷ অন্যথা সমিতিয়ে ব্যাপক আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে৷