মানকাচাৰ, ২০ মেঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক জিলাখনৰ পৰা বদলি কৰাৰ দাবীত জিলাখনৰ ১৮ টাকৈ সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত ২৩ মে’ ৰাতিপুৱা ৪ বজাৰ পৰা ২৪  ঘন্টীয়া জিলা বন্ধৰ আহ্বান জনোৱা হৈছে৷ দক্ষিণ শালমাৰা মানকাচাৰত কৰুণা কুমাৰীয়ে উপায়ুক্তৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা জিলা খনৰ সকলো উন্নয়নমূলক কাম-কাজ স্থবিৰ হৈ পৰে৷ উপায়ুক্তগৰাকীয়ে সাধাৰণ লোকক অশালীন ব্যৱহাৰ কৰাৰ লগতে যিকোনো ব্যক্তিৰ নামত ভূৱা গোচৰ ৰুজু কৰিবলৈ আৰম্ভ কৰাৰ বুলি অভিযোগ উত্থাপন হৈছে৷ সাংবাদিক সকলকো দুব্যৱহাৰ কৰাৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি আহিছে৷ এনে উপায়ুক্ত জিলাত থাকিলে জিলাখন কেতিয়াও উন্নয়ন সম্ভব নহয় বুলি অভিযোগ তুলি উপায়ুক্তৰ বদলিকৰণৰ দাবী তুলি ২৩ মে’ৰ পুৱা ৪ বজাৰ পৰা ২৪ ঘন্টীয়া দক্ষিণ শালমাৰা মানকাচাৰ জিলা বন্ধ পালন আহ্বান জনোৱা হৈছে৷ ইয়াৰ লগতে উপায়ুক্ত কৰুণা কুমাৰীৰ বিৰুদ্ধে ২৯ মে’ত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত পুৱা ১০ বজাৰ পৰা অনিৰ্দিষ্টকালীন আমৰণ অনশন কাৰ্য্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত লোৱা হয়৷