নলবাৰী, ২০ মেঃ নলবাৰী জিলাৰ সাগৰকুচিত পঞ্চৰত্নৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মীন পালক সকলৰ মাজত মাছৰ পোনা আৰু সামগ্ৰী বিতৰণৰ এক অনুষ্ঠান অনুস্থিত হৈ যায়। নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই আনুষ্ঠানিক ভাৱে মীন পালক সকলৰ মাজত মাছৰ পোনা আৰু মৎস্য পালনৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰে। উল্লেখ্য যে, নিবনুৱা সমস্যা হ্ৰাস কৰা আৰু মীন পালক সকলক সহায় কৰাৰ উদ্দেশ্যে স্বেচ্ছাসেৱী সংগঠনটোৱে এই পদক্ষেপ হাতত লোৱা কথা জানিবলৈ দিয়ে৷