নুৰউদ্দিন

বিলাসীপাৰা

৮ জুলাই

বিলাসীপাৰা ষ্টেট বেংকত ধন জমা দিবলৈ অহা গ্ৰাহক এজনে উথাপন কৰিছে গুৰুত্বৰ অভিযোগ। বেংকত টকা জমা দিবলৈ যোৱা গ্ৰাহক জনক আৰক্ষীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহক জনে। আৰক্ষীয়ে আক্ৰমণ কৰা বুলি অভিযোগ উথাপন কৰা গ্ৰহকজন আমছুৰ প্ৰাক্তন নেতা।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ আমছুৰ প্ৰাক্তন নেতা আবুল কালাম আজাদে আৰক্ষীৰ বিৰুদ্ধে এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। ষ্টেট বেংকত ধন জমা দিবলৈ যোৱা সময়ত আবুল কালাম আজাদ নামৰ আমছুৰ প্ৰাক্তন নেতাজনক আৰক্ষীৰ এজন লোকে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

ইফালে আক্ৰমণৰ আভিযোগ উত্থাপন হোৱা আৰক্ষীৰ লোকজনে কয় যে আমছুৰ প্ৰাক্তন নেতা তথা গ্ৰাহকজনে ক’ভিড নীতি-নিৰ্দেশনা পালন নকৰাকৈ বেংকৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছিল। কভিড নীতি নিৰ্দেশনা পালন নকৰাৰ বাবে আৰক্ষীৰ লোকজনে আমছুৰ প্ৰাক্তন নেতা তথা বেংকৰ গ্ৰহকজনক বেংকৰ পৰা বাহিৰলৈ উলিয়াই দিছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে।

আমছুৰ প্ৰাক্তন নেতাজনক আক্ৰমণৰ কৰা নাই বুলিও জানিবলৈ দিয়ে বেংকত নিয়োজিত হৈ থকা আৰক্ষী জোৱান আশ্বাদ আলীয়ে। ঘটনা সন্দৰ্ভত আমছুৰ প্ৰাক্তন নেতাজনে বিলাসীপাৰা আৰক্ষী নিৱেশত আৰক্ষী জোৱান জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে আমছুৰ প্ৰাক্তন নেতাজনক আক্ৰমণ কৰা ঘটনাক গৰিহণা দিছে বিলাসীপাৰা জিলা আমছুৱে।