নুৰউদ্দিন
বিলাসীপাৰা
৭ জুলাই

আৰক্ষীয়ে খেদি খেদি আটক কৰিলে দুই চিলনী চোৰক। বিলাসীপাৰাত দুই চিলনী চোৰক আটক কৰিলে আৰক্ষীয়ে। চিলনী চোৰ দুজনক আৰক্ষীয়ে বেলতলী চাৰিআলিৰ পৰা খেদি খেদি উদমাৰীত আটক কৰিবলৈ সক্ষম হয়।

বিলাসীপাৰা টাউনৰ আৰক্ষী পৰিদৰ্শক কফিলউদ্দিন আৰু যানবাহন আৰক্ষী জীৎ ৰায় সৰকাৰৰ লগতে কেইবাগৰাকী আৰক্ষীয়ে চিলনী চোৰ দুজনক আটক কৰে। আটকাধীন চিলনী চোৰ দুজন বঙাইগাঁও জিলাৰ ভাঁওলাগুড়ী গাঁৱৰ সানিদুল ইছলাম আৰু গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰেজ্জাউল ইছলাম বুলি জানিব পৰা গৈছে।।

জুনমনি নাথ নামৰ এগৰাকী মহিলা বেলতলী চাৰিআলিৰ পৰা ই-ৰিক্সাত গোপী গাঁৱলৈ গৈ থকা অৱস্থাত চিলনী চোৰ দুজনে মহিলা গৰাকীৰ ডিঙিৰ পৰা সোণৰ চেন এডাল থপিয়াই পলায়ন কৰিছিল। অৱশেষত আৰক্ষীয়ে খেদি খেদি উদমাৰীত খেতি পথাৰৰ মাজত চিলনী চোৰ দুজনক আটক কৰিবলৈ সক্ষম।