গুৱাহাটী 

৮ জুলাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ খহনীয়া পৰিস্থিতি আৰু আসন্ন বানপানীৰ সময়ৰ ল’বলগীয়া পদক্ষেপৰ প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে জিলাখনত নতুনকৈ নিৰ্মাণ কৰি থকা চিকিৎসা মহাবিদ্যালয়খনৰ সমীপৰ গৌৰাংগ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে।

কোকৰাঝাৰত গৌৰাংগ নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত চলি থকা কাম কাজৰ অগ্ৰগতিৰো পৰ্যবেক্ষণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰী গৰাকীয়ে লগতে কোকৰাঝাৰ আৱৰ্ত ভৱন আৰু চুইপাৰ কলনীৰ কাষতো গৌৰাংগ নদীৰ খহনীয়াৰ বুজ লয়। কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত গৌৰাংগ নদীৰ খহনীয়াৰ বুজ লোৱাৰ পিছত মন্ত্ৰী পীযুষ হাজৰীকাই বিটিআৰৰ সচিবালয়ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু আন কাৰ্যবাহী সদস্যসকলৰ উপস্থিতিত জিলা উপায়ুক্ত তথা জিলা প্ৰশাসনৰ আন বিষয়াসকল আৰু জিলা জলসম্পদ বিভাগৰ সৈতে এক বৈঠকত মিলিত হয়।

বৈঠকত মন্ত্ৰী গৰাকীয়ে জিলাখনৰ আসন্ন বানপানীৰ সময়ৰ প্ৰস্তুতি আৰু নদীৰ খহনীয়া বুজ লয়। বৈঠকত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক আৰু জলসম্পদ বিভাগৰ নামনি অসম ডিভিজনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।