গুৱাহাটী, ১৫ মাৰ্চ, ২০২৪ : গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আম আদমি পাৰ্টীৰ (AAP Candidate Withdrawal)। বিজেপিক পৰাভূত কৰাৰ লক্ষ্যত গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা বুলি ঘোষণা আম আদমি পাৰ্টীৰ। গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি আম আদমি পাৰ্টীয়ে গভীৰ উদ্বেগেৰ প্ৰকাশ কৰি জানিবলৈ দিয়ে যে যোৱা ১২ মাৰ্চত কংগ্ৰেছে অসমৰ ১১ টাকৈ লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। ডিব্ৰুগড় লোকসভা সমষ্টি এজেপিক এৰি দিছে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা নাই। এই ক্ষেত্ৰত অতি দুৰ্ভাগ্যজনক কথা যে এমাহ পূৰ্বেই আম আদমি পাৰ্টীয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰা গুৱাহাটী, শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিও কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষিত তালিকাত আছে। কংগ্ৰেছৰ এই আচৰণ মিত্ৰতাৰ ৰাজনীতিৰ বাবে এক মোক্ষম আঘাত বুলি দলটোৱে প্ৰকাশ কৰে।

২০২৪ চনৰ লোকসভা নিৰ্বাচন এক ঐতিহাসিক নিৰ্বাচন। কিয়নো দেশৰ স্বৈৰাচাৰী শাসক পক্ষই সংবিধান আৰু গণতন্ত্ৰ নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে। চৰকাৰে পদে পদে সংবিধান উলংঘা কৰিছে। গণতান্ত্ৰিক পৰম্পৰা ভৰিৰে মোহাৰিছে। উচ্চতম ন্যায়ালয়, নিৰ্বাচন আয়োগৰ দৰে স্বতন্ত্ৰ প্ৰতিষ্ঠানৰ প্ৰতিও বৰ্তমান চৰকাৰে ভাবুকি কঢ়িয়াই আনিছে। এনে এক জটিল সন্ধিক্ষণত লোকসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰা হৈছে। আমি আম আদমি পাৰ্টীয়ে বহু দিশ বিবেচনা কৰি গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত এই মিত্ৰজোঁটৰ অন্তৰ্ভুক্ত হৈছোঁ। এই ক্ষেত্ৰত দিল্লী, গোৱা, গুজৰাট আদি ৰাজ্য সমূহৰ আসন বুজাবুজিৰ ক্ষেত্ৰত আমাৰ দলে যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। দিল্লী বিধানসভাৰ ৭০ গৰাকী বিধায়কৰ ভিতৰত আমাৰ ৬২ গৰাকী। কংগ্ৰেছ দলৰ এজনো বিধায়ক নাই। তথাপিও আমি কংগ্ৰেছক তিনিখন লোকসভাৰ আসন এৰি দিছোঁ। গোৱাত আমাৰ দুগৰাকী বিধায়ক, কংগ্ৰেছৰ ৩ গৰাকী। তথাপিও দুয়োখন লোকসভা সমষ্টি কংগ্ৰেছক এৰি দিছো।

গুজৰাটৰ বিগত নিৰ্বাচনত আমি ১৩ শতাংশ ভোট লাভ কৰিছিলো, কংগ্ৰেছ দলে ২৬ শতাংশ লাভ কৰিছিল। তথাপিও গুজৰাটৰ ২৬ খন আসনৰ মাত্ৰ দুখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। অসমতো বিজেপিক পৰাজিত কৰাৰ বাবে ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰাৰ থল আছিল। কিন্তু কংগ্ৰেছৰ নেতৃত্বত ইয়াত সন্মিলিত বিৰোধী ঐক্যমঞ্চ গঠন কৰা হয়। মাথোঁ গণতন্ত্ৰ বিৰোধী বিজেপিক পৰাজিত কৰাৰ হকে আমি এই ঐক্যমঞ্চৰ অংশীদাৰ হওঁ। কিন্তু ইয়াত অন্তৰ্ভূক্ত দলসমূহৰ অগ্ৰগতি লেহেমীয়া হোৱাৰ বাবেই এমাহ পূৰ্বে আমাৰ দলে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছিলোঁ। কিন্তু আশ্চৰ্যজনকভাৱে কংগ্ৰেছ নেতৃত্বই আমি প্ৰাৰ্থিত্ব দিয়া তিনিওটা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাত বিৰোধী ঐক্যত সংকট সৃষ্টি হয়। কংগ্ৰেছৰ এই কাণ্ডই মিত্ৰতাৰ ৰাজনীতিত এক বিশ্বাসঘাতকতাৰ বাহিৰে আন একো নহয়। ১১ টাকৈ সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজত কংগ্ৰেছে মাথোঁ আম আদমি পাৰ্টীকে যে বিশ্বাসঘাতকতা কৰিছে তেনে নহয়, পৰিবৰ্তনকামী জনসাধৰণকো দলটোৱে প্ৰতাৰণা কৰিছে।কিয়নো আমাৰ দলৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে মিত্ৰতা সন্দৰ্ভত কথা-বতৰা অব্যাহত থকাৰ মাজতে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে কংগ্ৰেছে। কিন্তু বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ অসমবাসী ৰাইজে ৰাজ্যখনত বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হৈ থকাটো বিচাৰে।

ডিব্ৰুগড় আৰু শোণিতপুৰত আমাৰ দলে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত প্ৰায় প্ৰতিদিনেই কংগ্ৰেছৰ একাংশ নেতাৰ পৰা প্ৰাৰ্থীৰ ওপৰত হেচাঁ প্ৰয়োগ কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ফোনযোগে আমাৰ প্ৰাৰ্থীক কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। এই কথাই প্ৰমাণ কৰে যে উক্ত সমষ্টি সমূহৰ বাবে কংগ্ৰেছ দলৰ উপযুক্ত প্ৰাৰ্থী নাই। কংগ্ৰেছৰ লক্ষ্য যদি বিজেপিক পৰাজিত কৰাটোৱেই হলহেঁতেন তেন্তে তেওঁলোকে আপক উক্ত সমষ্টি দুটা এৰি দিলেহেঁতেন। সাম্প্ৰতিক পৰিস্থিতিত আম আদমি পাৰ্টীৰ উচ্চ ক্ষমতা সম্পন্ন ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ সিদ্ধান্ত মৰ্মে বিৰোধী ভোট বিভাজন ৰোধ কৰি বিজেপি প্ৰাৰ্থীৰ বিজয়ৰ পথ ৰূদ্ধ কৰাৰ স্বাৰ্থত আমি গুৱাহাটী লোকসভা সমষ্টিৰ আসনত প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত ঘোষণা কৰিলো। দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজত আমাৰ দলৰ এয়া সৰ্বোচ্চ ত্যাগ। আমি কংগ্ৰেছ নেতৃত্বক ডিব্ৰুগড় আৰু শোণিতপুৰৰ পৰা প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিবলৈ প্ৰত্যাহ্বান জনালোঁ। বিৰোধীৰ ভোট বিভাজন ৰোধ কৰি গণতান্ত্ৰিক শিবিৰক বিজয়ী কৰাৰ স্বাৰ্থত কংগ্ৰেছে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। অন্যথা এই কথা প্ৰমাণিত হ’ব যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ পৰা দাবী কৰি অহাৰ দৰেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে তেওঁৰ সুসম্পৰ্ক আছে। কংগ্ৰেছে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে এই কথা স্পষ্ট হ’ব যে বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবেহে কংগ্ৰেছ দলে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে বুলি দলটোৱে ক্ষোভ প্ৰকাশ কৰে।