আজিজ আলী
মুকালমুৱা : কংগ্ৰেছৰ পিছত এইবাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ বিৰোধ। সোমবাৰে বৰক্ষেত্ৰীত প্ৰতিবাদ কৰিছিল কংগ্ৰেছে, মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে সাব্যস্ত কৰিলে প্ৰতিবাদ।

বৰক্ষেত্ৰীত অব্যাহত আছে কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। সোমবাৰে কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত মঙলবাৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় মুকালমুৱাৰ পৰা চামতালৈ স্থানান্তৰ কৰাৰ বিৰুদ্ধে ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে গুৱাহাটীৰ পৰা বৰপেটালৈ যোৱা ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে কোনোপধ্যেই মুকালমুৱাস্থিত লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চামতালৈ স্থানান্তৰ কৰিব দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে। লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ সিদ্ধান্ত বাতিল কৰিবই লাগিব বুলিও দাবী জনাই কয় যে যি এই সিদ্ধান্ত বাতিল কৰা নহয় তেন্তে প্ৰতিবাদ তীব্রতৰ হৈ উঠিব।