বোকাজনা : ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি কাৰ্বি আংলং আৰক্ষীৰ গুলী চালনা। ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনৰ ভৰিত লাগিল বোকাজনা আৰক্ষীৰ দুটা গুলী। আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলাইছিল ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন।

ড্ৰাগছ বিৰুদ্ধে অভিযান চলাই কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। কাৰ্বি আংলং জিলাৰ বোকাজনা আৰক্ষীয়ে ১২ কোটি টকা মূল্যৰ হেৰ’ইনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে নিশা বোকাজান আৰক্ষীয়ে নাকা তালাচী চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে।

বোকাজানৰ মাটিপুলত নাকা তালাচীত বোকাজানৰ দিশে আহি থকা এএছ-০৯-এইচ-৪২৩৪ নম্বৰৰ এখন স্কুটিত তালাচী চলাই আৰক্ষীয়ে ১৫০ টা চাবোনৰ বাকচত ১ কেজি ৭৭৭ গ্ৰাম হেৰ’ইন জব্দ কৰে। হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১২ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে৷ বিমল তাচ্ছা আৰু ছাদ্দাম হুছেইন নামৰ দুজন ড্ৰাগছ সৰবৰাহ কাৰীয়ে হেৰ’ইনখিনি সৰুপথাৰ নাওঘাটলৈ নিয়াৰ সময়ত নাকা তালাচীত ধৰা পৰে।

ধৃত বিমল তাচ্ছাৰ ঘৰ বোকাজানৰ ঘৰিয়াঁলডুবিত আৰু ছাদ্দাম হুছেইনৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানা অন্তৰ্গত পাতেকীবাৰীৰ বুলি জানিব পৰা গৈছে। আনহাতে যুৱক দুজনক আটক কৰাৰ পিছত আৰক্ষীৰ বাহনৰ পৰা আৰক্ষীক ঠেলা মাৰি পলাবলৈ চেষ্টা চলাওঁতে ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰে। ভৰিত দুটাকৈ গুলী লগাত
ছাদ্দাম হুছেইন আঘাতপ্ৰাপ্ত হয়।