গুৱাহাটী : মুল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীৰ ৰাজপথত ওলাই আহে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ শতাধিক সদস্য। চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী আছুৰ সদস্য সকলে।

প্ৰতিদিনে বৃদ্ধি পাই থকা পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলঙ্ঘী হৈছে। খাদ্য সামগ্ৰীৰ লগতে জীৱন দায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কেন্দ্ৰীয় চৰকাৰ কি ৰাজ্য চৰকাৰ, সম্পূৰ্ণ বিফল হোৱা পৰিলক্ষিত হৈছে। সর্বসাধৰণ ৰাইজ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিছে যদিও সৰ্বসাধাৰণ ৰাইজৰ কথা শুনাৰ সময় নাই চৰকাৰৰ। বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে বিভিন্ন দল-সংগঠনৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই ৰাজপথ কঁপাই তুলিছে। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে।

বুধবাৰেও সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ উত্তাল ৰূপ দেখিবলৈ পোৱা যায় গুৱাহাটী মহানগৰীত। মহানগৰীৰ গুৱাহাটী ক্লাবত গুৱাহাটী ছাত্ৰ সন্থাৰ শতাধিক প্ৰতিবাদকাৰীয়ে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজপথ কঁপাই তোলে। হাতে হাতে পোষ্টাৰ-বেনাৰলৈ প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্য সকলে।

কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মূর্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদকাৰী আছুৰ সদস্য সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰী আছুৰ সদস্য সকলে চৰকাৰক অতি শীঘ্ৰে পেট্ৰ’ল আৰু ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনায়।