জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত অঘটন। বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ ৭ জনকৈ লোক অসুস্থ। অসুস্থ সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অসুস্থ সকলৰ ভিতৰত আছে এগৰাকী নাবালিকা। দুপৰীয়া অহাৰ গ্ৰহণ কৰাৰ পিছতে অসুস্থ হৈ পৰে পৰিয়ালটোৰ ৭ জন সদস্য। 

বিশ্বনাথ জিলাৰ মিজিকা চাহ বাগিচাত সংঘটিত হৈছে এক অঘটন। বাগিচাখনৰ একেটা পৰিয়ালৰ ৭ জনকৈ লোক বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰিছে। বুধবাৰে দুপৰীয়াৰ ভাগত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰে পৰিয়ালটোৰ ৭ জনকৈ লোক।

দুপৰীয়াৰ ভাগৰ ত বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ পৰিয়ালটোৱে নিজ গাঁৱৰ পৰা বুটলি আনি ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা। দুপৰীয়া অহাৰ গ্ৰহণ কৰাৰ পিছত লাহে লাহে পৰিয়ালটো সদস্য সকলৰ পেটৰ বিষ আৰু বমি আৰম্ভ হয় আৰু বিষাক্ত কাঠফুলা ভক্ষণ কৰা সকলো লোক অসুস্থ হৈ পৰে।

পৰিয়ালটোৰ অসুস্থ ৭ জন লোকৰ ভিতৰত এগৰাকী নাবালিকাও আছে। ইতিমধ্যে পৰিয়ালটোৰ অসুস্থ সদস্য সকলক ১০৮ সেৱাৰে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হোৱা লোক সকল ক্ৰমে অস্থামি টন্তমাই, ফুলন্টি টন্তমাই, ছিবানি ভূঞা, ধিৰেণ ভূঞা, প্ৰকাশ তাঁতী আৰু জগেন তাঁতী বুলি জানিব পৰা গৈছে।