সৰভোগ, ২ জুলাইঃ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰভোগৰ গান্ধী ময়দানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰেন্দ্ৰ মিশ্ৰৰ সভাপতিত্ব অভিনন্দন অনুষ্ঠানটো অনুষ্ঠিত হয়৷ অনুষ্ঠানত মুখ্য বক্তা হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, উপ-সভাপতি প্ৰদীপ দাস, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক আজিজুল ৰহমান, বিএইছ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°ভূষন চন্দ্ৰ পাঠক প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট  ব্যক্তি উপস্থিত থাকে।