গুৱাহাটী, ২ জুলাইঃ  আহমদীয়া মুছলিম জামাত (ভাৰত)ৰ কামৰূপ মেট্রো গুৱাহাটী শাখাৰ উদ্যোগত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনৰ প্রেক্ষাগৃহত ঈদ ঐক্য মিলন শীৰ্ষক এখন সভাৰ অনুষ্ঠিত কৰা হয়। মানুহৰ আচল ধর্ম হ’ল মানৱতা শীৰ্ষক আলোচনা চক্ৰখন সভাপতিত্ব কৰে আহমদীয়া মুছলিম জামাতৰ গুৱাহাটী শাখাৰ সভাপতি চৈয়দ শ্বাহজাহান শ্বাহে৷ কামৰূপ মেট্রোৰ ভাৰপ্রাপ্ত আহমদীয়া মুছলিম জামাতৰ মুবাল্লিগ ইনচার্য জহুৰুল হকে সভাৰ উদ্দেশ্য বাখ্যা কৰি কয় যে শান্তি আৰু ধৰ্ম অঙ্গা-অঙ্গী। পৃথিৱী বাচি থাকিবলৈ হ’লে বিশ্ব শান্তি আৰু ধৰ্ম অপৰিহাৰ্য্য। কিন্তু বর্তমান বিশ্বত শান্তিৰ নামত অশান্তি আৰু ধৰ্মৰ নামত অধৰ্মৰহে ৰাজত্ব চলিছে। এনে দুষ্কর্ম বন্ধ হ’ব লাগে। ইছলামৰ অর্থই হৈছে শান্তি। গতিকে প্রকৃত ইছলাম ধর্মীয়ে কেতিয়াও অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে। কিন্তু এচাম ইছলামধর্মীয়ে বিশ্বত অশান্তিৰ সৃষ্টি কৰি পবিত্ৰ শান্তিৰ ধৰ্ম ইছলাম ধৰ্মৰ গুণ গৰিমা নষ্ট কৰিছে৷ সেই গুনাহগাৰ সকলক মহান আল্লাহ তাল্লাই কেতিয়াও ক্ষমা নকৰে। সভাপতি শ্বাহজাহান শ্বাহে ভাষণ প্ৰসংগত কয় যে, ধৰ্মৰ নামত মানুহৰ মাজত ভেদা-ভেদ সৃষ্টি কৰাসকল ধাৰ্মীক নহয়, বৰং তেওঁলোকে ধৰ্মৰ নামত অধৰ্মহে কৰিছে৷ কাৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰ, আল্লা, গড-যিয়েই নকওক, প্ৰকৃততে তিনিও এজনেই। ধৰ্মগ্ৰন্থত কোৱা হৈছে, তোমালোকেই সৃষ্টি৷ সৃষ্টিকৰ্ত্তাক ভালপোৱা, তোমাৰ প্রেম নিবেদন কৰা। সেইকাৰণে ‘আহমদীয়া মুছলিম জামাতে’ বিশ্ববাসীৰ বাবে এটি বাণী প্ৰচাৰ কৰিছে, সেইটো হ’ল Love for all, hatred for none অৰ্থাৎ সকলোকে ভালপোৱা, কাকো ঘূণা নকৰিবা। সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক গুণমণি বৰাই ঈদৰ ঐক্য মিলন বুলি উল্লেখ কৰি ইছলাম ধর্ম সম্পর্কে সুন্দৰভাৱে ব্যাখ্যা কৰে। তেখেতে পবিত্র ইছলাম ধৰ্মক পশ্চিমৰ একাংশ গোড়াপন্থীয়ে বিকৃত কৰিব ধৰিছে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে। বৰাই  লগতে কোৰাণ, হাদিচ অধ্যয়ন কৰি ইছলামত যে সন্ত্রাসবাদ, অধৰ্মৰ স্থান নাই তাকো ব্যক্ত কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত মেহদী আলম বৰা, ৰুণু হাজৰিকা, আদিল শ্বাহ, কুশল কুমাৰ শৰ্মাই বিশ্ব শান্তি আৰু ভাতৃত্ববোধ শক্তিশালী কৰাৰ বাবে দৃঢ়মত প্রকাশ কৰে।