মুকালমুৱা, ২ জুলাইঃ বৰক্ষেত্ৰীৰ আদাবাৰীত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক উৎসৱ তথা সম্বৰ্দ্ধনা অনুষ্ঠানতো আজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়৷  শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাখনত বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হয়৷ অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে  বিভিন্ন গীতৰ পৰিবেশ কৰে৷ উক্ত অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নিৰ্মালী দাসে গীত পৰিবেশন কৰে৷