সোণাপুৰ, ৮ আগষ্টঃ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সোণাপুৰ ট্ৰাইচেম ভৱনত সম্বৰ্ধনা জনোৱা হয়৷ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যতীন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক দিনু জেনা শৰ্মাই শ্বহীদ তৰ্পনৰ পিছত সভাৰ কাৰ্যসূচী মুকলি কৰা হয়৷ যতীন্দ্ৰ নাথ ডেকাৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনত মালয়বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মদন চন্দ্ৰ মেধিয়ে আদৰণি ভাষণ আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি মেধিয়ে উদ্ধোধনী ভাষণ দিয়ে৷ সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ মুখ্য অতিথি, সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ আমন্ত্ৰিত অতিথি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ চন্দন কুমাৰ গোস্বামী নিদিষ্ট বক্তা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা উৰ্ত্তীণ হোৱা ৩৫২ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা, মানপত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়৷ লগতে আৰ্থিক ভাবে পিছপৰা ২০ গৰাকী শিক্ষাৰ্থীক ডিমৰীয়া শৈক্ষিক ন্যাসৰ জৰিয়তে তিনি হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হয়৷