গুৱাহাটী, ৮ আগষ্টঃ অসম চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামেৰে চৰকাৰী মহাবিদ্যালয়সমূহক নামাকৰণ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে৷ এক সংবাদ মেলৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামটাে অসমৰ জনসাধাৰণৰ লগত পৰিচিত নোহােৱাৰ বাবে বিভিন্ন ধৰণৰ বতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। পণ্ডিত দীনদয়াল উপাধ্যায় আৰএছএছৰ স্বয়ংসেৱক হোৱাৰ কাৰণে স্বয়ংসেৱকৰ চৰিত্ৰৰে সমাজৰ কামবোৰ নিৰৱতাৰে কৰি গৈছে। যেনেদৰে বৰ্তমানৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্রী হােৱাৰ আগলৈকে ভাৰতৰ জনসাধাৰণৰ মাজত অপৰিচিত আছিল। তেনেধৰণে দীনদয়াল উপাধ্যায়ো অসমৰ জনসাধাৰণৰ মাজত অপৰিচিত হােৱাটো একো অস্বাভাবিক নহয়। অসম চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামেৰে মহাবিদ্যালয় সমূহ নামাকৰণ কৰাটােৱে অসমৰ বৰণ্য ব্যক্তি সকলক অপমান কৰাটাে নুবুজায়। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পশ্চিমীয়া ৰাজনৈতিক চিন্তা ধাৰাই দিয়া ভোগবাদী, পুঁজিবাদী, সমাজবাদ তথা সাম্যবাদৰ ধ্যান ধাৰণৰ বিপৰীতে একাত্ম মানৱতা দর্শন আৰু অন্তোঃদয়া নীতিৰ মাধ্যমেৰে সমাজৰ দলিত, অৱহেলিত শোষিত সর্বাঙ্গীন উন্নয়ন আছিল লক্ষ্য। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শনত স্পষ্টভাৱে প্ৰকাশ আছে যে ভাৰতবৰ্ষৰ উন্নয়ন হ’বলৈ হ’লে ভাৰতত বসবাস কৰা প্ৰতিটো জাতি উপজাতিৰ স্বাভিমান ৰক্ষাৰে উন্নয় হ’ব লাগিব। বিজেপি চৰকাৰে ঢলা শদিয়াৰ দলং ডঃ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰিছে। লাচিত বৰফুকন, চাওলুং চুকাফা, বীৰ চিলাৰায় আদিৰ বৰণ্য ব্যক্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰি অসমৰ বীৰ-বীৰাঙ্গনা সকলক সম্পূর্ণ শ্রদ্ধাৰে সন্মান জনাই আহিছে। পণ্ডিত দীনদয়াল উপাধ্যায়ে প্ৰৱেশিকা পৰীক্ষাত প্রথম স্থান, এন্টাৰ মেডিয়েট পৰীক্ষাত প্রথম স্থান, গণিতত প্রথম বিভাগত প্রথম হৈ স্নাতক ডিগ্ৰী লয়। অসামৰিক সেৱাত উৰ্ত্তীৰ্ণ হৈয়ো সমাজক সেৱা কৰাৰ স্বর্থত তেখেতে চাকৰিত যোগদান নকৰিলে। যিজন ব্যক্তিয়ে দেশৰ একতা আৰু অখণ্ডত ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিলে, যিজন ব্যক্তিয়ে দেশৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক ঐক্যৰ সেতুবন্ধন কৰিলে, যি জন ব্যক্তিয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, অৰুণাচলৰ পৰা গুজৰাটলৈ এক ভাৰতৰ সপোনেৰে দেশবাসীক আলোকিত কৰিলে আৰু যি জন ব্যক্তিয়ে চন্দাৰ বল্লভ ভাই পেটেলৰ পথ অনুসৰণ কৰি পৰাধীনতাৰ কৱলৰ পৰা দেশৰ মুক্তিৰ বাবে অহােপুৰুষাৰ্থ কৰি  মহাত্মা গান্ধীৰ সপোনৰ ৰাম ৰাজ্যত গঠনৰ পৰা বিচ্যুৎ হােৱা তদানীন্তন কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ভাৰতীয় জনসংঘ নামেৰে এক ৰাষ্ট্রবাদী ৰাজনৈতিক শক্তিৰ জন্ম দি তেখেতৰ ভাৰতবৰ্ষৰ প্ৰতি থকা মৰম আৰু স্নেহ প্রতিফলিত কৰি তেখেতৰ মহান ব্যক্তিত্বৰ পৰিচয় দিলে।গোপীনাথ বৰদলৈ দেৱক ভাৰতৰত্ন দিবলৈ সক্ষম নোহােৱা, শ্বহীদ কুশল কোঁৱৰক পাহৰি যোৱা ইত্যাদি অলেশ উদাহৰণ কংগ্ৰেছৰ কাৰ্য্যকালত জিলিকি থাকিল। অসমৰ ঐতিহাসিক বিদেশী বহিস্কাৰ আন্দােলনৰ ৮৫৫ জন শ্বহীদক স্বীকৃতি দিয়াটাে দূৰেৰে কথা এই শ্বহীদ সকলৰ ত্যাগক এদিনো স্মৰণ নকৰিলে কংগ্ৰেছে।বর্তমানৰ বিশ্বয়নৰ যুগত আমি সকলোৱে মহান ভাৰতীয় হৈ ভাৰতবৰ্ষৰ উন্নয়নৰ হকে কাম কৰি বৰিষে । ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত বহুৱাৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব।