ছৰফৰাজ খান, সংবাদ ৩৬৫ ডেস্ক, ৮ আগষ্টঃ অসমত প্ৰতিবছৰে বানে সংহাৰী ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি সাধন কৰে৷ বানৰ কৱলত ৰাজ্যৰ শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ শস্য নষ্ট হয়৷ বাট-পথসমূহো বানত সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয়৷ বানত হোৱা এই ক্ষতিসমূহ কেইমাহমানৰ ভিতৰত পূৰণ কৰা হয় যদিও কিছুমান ক্ষতি অপূৰণীয় হৈ ৰয়৷ শিক্ষাৰ ক্ষেত্ৰত হোৱা ক্ষতি তেনে এক অপূৰণীয় ক্ষতি৷ বানত স্কুলসমূহ ডুব যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাঘাতৰ সৃষ্টি হয়৷ বানৰ তাণ্ডৱৰ পিছত  বিদ্যালয়সমূহ পুননিৰ্মাণ কৰাত এক দীঘলীয়া সময়ৰ প্ৰয়োজন হয়৷ এই সময়খিনিত ছাত্ৰ-ছাত্ৰীসকল স্কুলীয়া পাঠদানৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ এই সময়ছোৱাত স্কুলীয়া পাঠদানৰ পৰা যাতে ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত নহয় ইয়াৰ বাবে ঝাই ফাউণ্ডেছনে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ৷ বৰপেটাৰ জিলাৰ চৰাঞ্চলত প্ৰতিবছৰে বানৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত হোৱা ক্ষতি প্ৰতি লক্ষ্য ৰাখি ঝাই ফাউণ্ডেছনে কেইজনমান স্থানীয় যুৱকৰ সহযোগত নাৱৰ ওপৰত স্থাপন কৰিছে বিদ্যালয়৷ ঝাই ফাউণ্ডেছন আৰু যুৱক কেইজনে নাৱত স্কুল পাতি বিনামূলীয়াকে শিক্ষা দিবলৈ আৰম্ভ কৰিছে চৰাঞ্চলৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক৷ বৰপেটা জিলাৰ চৰাঞ্চলত বৰ্তমান নাৱৰ ওপৰত বনোৱা এনে ধৰণৰ তিনিখনকৈ বিদ্যালয় আছে৷ তেওঁলোকে বানৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক ঘৰৰ পৰা নাৱত উঠাই আনি পাঠদান কৰে৷ বিদ্যালয় পুননিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যুৱক কেইজনে ছাত্ৰ-ছাত্ৰীসকলৰ বিনামূলীয়াকৈ পাঠদান অব্যাহত ৰাখে৷ স্কুলীয়া পাঠদানৰ উপৰিও এই নাৱ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰা হয়৷ বিদ্যালয়সমূহত প্ৰতিদিনে ৪০-৪৫ জন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন চৰাঞ্চলৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আহে৷

ভিডিঅ’ চাবলৈ তলৰ লিংকটো ক্লিক কৰক