সংবাদ ৩৬৫ ডেস্ক, ১৭ মেঃ অসমৰ পৰা আস্থা ৰেল যোগে তীৰ্থযাত্ৰালৈ যোৱা অসমৰ তীৰ্থযাত্ৰী উত্তৰ প্ৰদেশত উৎকট গৰমৰ ফলত মৃত্যুৰ মুখত পৰিছে৷ গৰমৰ প্ৰকোম সহিব নোৱাৰি ৰেলৰ দবাতে মৃত্যুক সাৱটিলে মহানগৰীৰ পাণ্ডু, উত্তৰ গুৱাহাটী আৰু বাইহাটাৰ তিনিজনকৈ তীৰ্থযাত্ৰীয়ে৷ আস্থা ৰেলখনে ৯ মে’ত গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা উত্তৰ প্ৰদেশৰ বিভিন্ন তীৰ্থমূলক স্থান ভ্ৰমণৰ বাবে তীৰ্থযাত্ৰীক লৈ যাত্ৰা আৰম্ভ কৰিছিল৷ ৯ মে’ৰ নিশা যাত্ৰা আৰম্ভ কৰা ৰেলখন উদ্ধোধন কৰিছিল ৰেল মন্ত্ৰীয়ে৷ অসমৰ পৰা উত্তৰ প্ৰদেশলৈ আস্থা ৰেলখনৰ যাত্ৰাৰ সময় ২৪ ঘণ্টা নিৰ্ধাৰণ কৰা হৈছিল যদিও এই যাত্ৰাৰ সময় ২৪ পৰা গৈ ৩৬ ঘণ্টা হয়৷ প্ৰতিটো ষ্টেচনত এই ৰেলখন ৰখোৱাৰ ফলত তীৰ্থযাত্ৰীসকল গৰম সহিব নোৱাৰি অতিষ্ঠ হৈ পৰে৷ কিছুমান ঠাইত ৰেলখন ২ ঘণ্টা পৰ্যন্ত ৰখাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ ইমান গৰমৰ মাজেৰে যাত্ৰা কৰা ৰেলখনত তীৰ্থযাত্ৰীৰ বাবে কোনো পানী আৰু বিজুলীৰ ব্যৱস্থা নাই বুলি তীৰ্থযাত্ৰালৈ যোৱা এগৰাকী তীৰ্থযাত্ৰীৰ পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে৷ তিনিগৰাকীকৈ তীৰ্থযাত্ৰীৰ মৃত্যুৰ লগতে উৎকট গৰম সহিব নোৱাৰি আন কেইবাগৰাকী লোক অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে৷ অসুস্থ ব্যক্তিসকলৰ বাবে ৰেলখনত নাই কোনো চিকিৎসাৰ ব্যৱস্থা৷ ৰেলত থকা সহ তীৰ্থযাত্ৰীসকলে অসুস্থ ব্যক্তিসকলক পানীত চেনী আৰু নিমখ মিহলাই খাবলৈ দি আছে বুলি অসুস্থ তীৰ্থযাত্ৰীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ তীৰ্থযাত্ৰী সকলৰ এনে অৱস্থাৰ খবৰ পোৱাৰ পিছতো ৰেল বিভাগৰ পৰা কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তীৰ্থযাত্ৰাৰ বাবে যোৱাৰ আগতে ৰেলখনত কিয় উপযুক্ত ব্যৱস্থা লোৱা নহ’ল? ইমান গৰমত যাত্রা কৰা ৰেলখন কিয় পানীৰ বাবে এটাৰ পিছত আনটো ষ্টেচনত ঘূৰি ফুৰিব লগা হ’ল? তীৰ্থযাত্ৰালৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে কিয় আগতীয়াকৈ ৰেলখনত চিকিৎসা ব্যৱস্থা কৰা নহ’ল? ৰেলখনত উৎকট গৰম আৰু চিকিৎসাৰ অভাৱত মৃত্যু হোৱা তীর্থযাত্ৰীসকলৰ মৃত্যুৰ বাবে দায়ী কোন?