গুৱাহাটী, সংবাদ ৩৬৫, ১০ আগষ্ট : বৰপেটাৰ সাংসদ হিচাপে গুৱাহাটীত আব্দুল খালেকৰ প্ৰথমখন সংবাদ মেল । সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰে খালেকে । তেখেতে কয় যে সদ্যসমাপ্ত সংসদৰ অধিৱেশনত ২৬ টা বিভিন্ন বিষয়ৰ প্ৰশ্ন উত্থাপন কৰিছিলো । ডি ভোটাৰৰ নামত বিনাকাৰণত হাৰাশাস্তি কৰা বন্ধ কৰাৰ দাবী কৰিছিলো সংসদত । সত্ৰ-সংস্কৃতিৰ সংৰক্ষণৰ বাবেও প্ৰশ্ন কৰিছিলোঁ অধিৱেশনত । বৰপেটাক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছিলোঁ ।

তিনি তালাকৰ সন্দৰ্ভত খালেকে কয় যে তিনি তালাককলৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছো। কিন্তু কিছু দফাত আমাৰ আপত্তি আছে ।

এন আৰ চিক লৈও মন্তব্য কৰে আব্দুল খালেকে । খালেকে কয় যে এন আৰ চিকলৈ চৰকাৰে মইমতালি কৰিছে । চৰকাৰে প্ৰতীক হাজেলাক ব্লেকমেইলিং কৰিছে । ইয়াৰোপৰি এন আৰ চিৰ শুনানী লৈ গৈ দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়ালক দহলাখ টকা সাহাৰ্য দিবলৈও দাবী জনায় চৰকাৰক ।

ভুৱনেশ্বৰ কলিতাৰ বিজেপিৰ যোগদানৰ সন্দৰ্ভতো মন্তব্য খালেকৰ । ব্যক্তিগত সুবিধাৰ বাবে ভূৱনেশ্বৰ কলিতা বিজেপিত যোগদান কৰিছে । গেলা পছাবোৰ দলত থাকিলে দল বেয়া হয় । এই সকল আতৰি গলে দলটো ভাল হব । খালেকে আৰু কয় যে মুখ্যমন্ত্ৰী হোৱাৰ বাসনা এৰি দলক গুৰুত্ব দিলেহে কংগ্ৰেছ অসমত পুনৰুত্থান হব । লেং মৰা ৰাজনীতি কংগ্ৰেছে এৰিব লাগিব ।