ৰঙাপৰা, সংবাদ ৩৬৫, ১০আগষ্টঃ শুকুৰবাৰে নিশা ৮ বজাত শোণিতপুৰ জিলাৰ মিছামাৰীত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । মিছামাৰীৰ ২ নং ধানমৰাৰ তুৰিবস্তিৰ নিৱাসী জহুৰউদ্দিন আনচাৰী নামৰ ব্যক্তিগৰাকীৰ এখন ব্যৱসায়ী প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ এক সূত্ৰপাত হয় ।

স্থানীয় ৰাইজে জুই প্ৰশমনৰ বাবে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও সময়ত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাত লোকগৰাকীৰ বাসগৃহলৈও বিয়পি পৰে জুই । অৱশেষত, মিছামাৰী সেনা ছাউনীৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ পৰে ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে জহুৰউদ্দিন আনচাৰীৰ বাসগৃহ।

ইফালে, অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় মিছামাৰী আৰক্ষী ।